--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ(Sheena Bora murder case) মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ(Indrani Mukherjea) জামিন মঞ্জুৰ। শ্বীনা বৰা হত্যাৰ গোচৰত জামিন পালে ইন্দ্ৰাণীয়ে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ইন্দ্ৰানীৰ। ২০১৫ চনৰ পৰাই তেওঁ কাৰাগাৰৰ ভিতৰত আছিল। ৭ বছৰ পাছত জামিন লাভ কৰিলে কন্যা শ্বীনা বৰা হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে। ২০১৫ চনত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইন্দ্ৰাণীক। মাতৃত্ব শব্দটোত চেকা লগাই দেশজুৰি কলংকিত মাতৃ বুলি পৰিচিতি লাভ কৰিলে ইন্দ্ৰাণীয়ে। নিজ কন্যাক হত্যা কৰাৰ গুৰুতৰ অপৰাধত অভিযুক্ত তেওঁ। ২০১২ চনৰ এপ্ৰিলত শ্বীনা বৰাক অপহৰণ আৰু হত্যা কৰা হৈছিল কিন্তু এই হত্যাকাণ্ডটোৰ কথা পোহৰলৈ আহিছিল ২০১৫ চনতহে। 

প্ৰথম স্বামীৰ কন্যা ২৫ বছৰীয়া শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰত ২০১৫ চনত ইন্দ্রাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। পৰৱৰ্তী তিনি মাহৰ অন্তত ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীকো ইন্দ্ৰাণীক হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। আনহাতে কাৰাগাৰত থাকোতেই ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ ১৭ বছৰীয়া বৈবাহিক সম্পৰ্কৰ সমাপ্তি ঘটে আৰু ২০১৯ চনত দুয়োৰে আইনীভাৱে বিবাহ বিচ্ছেদ হয়।আনহাতে, এটা পৃথক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ গাড়ীচালকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে হত্যাকাণ্ডৰ সমস্ত বিষয় উন্মোচিত হৈছিল। শ্যামবৰ ৰায়কো গোচৰটোৰ সৈতে অভিযুক্ত বুলি অভিহিত কৰা হৈছিল। 

শ্বীনা বৰাক ইন্দ্ৰাণীয়ে তেওঁৰ চালক আৰু তেওঁৰ দ্বিতীয় স্বামী সঞ্জীৱ খান্নাৰ সহায়ত হত্যা কৰিছিল বুলি চিবিআইয়ে তথ্য দাখিল কৰে। শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ সাংসাৰিক জীৱন পূৰ্বৰে পৰা যথেষ্ট বিতৰ্কিত আছিল। নিজ কন্যা শ্বীনা বৰাক হত্যা কৰি ইন্দ্ৰানী মুখাৰ্জী দেশজুৰি চৰ্চিত হৈছিল । চি বি আই তদন্তৰ সময়ছোৱাত হত্যাৰ কাৰণ সন্দৰ্ভত সোধপোছ কৰাত ইন্দ্ৰাণী মুখাৰ্জীয়ে কয় যে তৃতীয় স্বামী পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে শ্বীনা বৰাৰ প্ৰেমৰ সম্পৰ্ক আছিল, যাৰবাবে তেওঁ নিজ কন্যাক হত্যা কৰে। চি বি আইৰ তদন্ত অনুসৰি, ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনা বৰাক নিজৰ ভগ্নী বুলিহে লোকচক্ষুৰ সন্মুখত চিনাকী কৰাই দিছিল। পিছত শ্বীনা বৰাই মাকৰ বিভিন্ন কৰ্মকাণ্ড সকলোৰে মাজত জনাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। যাৰ পৰা বাচিবৰ বাবে ইন্দ্ৰাণীয়ে নিজ কন্যাক হত্যা কৰিছিল। 

আনহাতে CBIএ উচ্চতম ন্যায়ালয়ত (Supreme Court) শ্বীনা বৰা হত্যা গোচৰৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰিছিল। চিবিআইয়ে ইয়াৰ শপতনামাত দাবী কৰিছে যে ইন্দ্ৰাণীয়ে তেওঁৰ নিজৰ জীয়েকক হত্যা কৰাৰ জঘন্য অপৰাধ সংঘটিত কৰিছে। তেওঁ তেওঁৰ পুত্ৰক হত্যা কৰিবলৈও চেষ্টা কৰিছিল আৰু এনেধৰণৰ অপৰাধ কৰাজনক কোনো ৰেহাই দিব নোৱাৰি। তেওঁ জামিন পোৱা উচিত নহয়।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ