--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা৷ এইবাৰ ত্ৰিপুৰাত আৰক্ষীৰ ৰোষৰ বলি সাংবাদিক৷ সাংবাদিকৰ কণ্ঠ স্তব্ধ কৰিব বিচৰাটো কোনো নতুন কথা নহয়৷ সম্প্ৰতি তেনে পৰিৱেশ সুলভ আৰু পূৰ্বতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে ত্ৰিপুৰাত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় ছেটেলাইট নিউজ চেনেল ‘NE NEWS’ সাংবাদিক নিতাই দে গ্ৰেপ্তাৰ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে৷ 

 

ত্ৰিপুৰা আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত ত্ৰিপুৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমতো৷ পূব আগৰতলাৰ বিতৰ্কিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম ৰয়ৰ ৰোষত পৰিছিল ‘NE NEWS’ সাংবাদিক নিতাই দে পেট্ৰ-ডিজেলৰ নাটনি সন্দৰ্ভত সাংবাদিকগৰাকীয়ে কৰিছিল সংবাদ পৰিৱেশন৷ সংবাদ সংগ্ৰহ কৰাৰ সময়ত বিতৰ্কিত আৰক্ষী বিষয়া অৰিন্দম ৰয়কদাদাবুলি সম্বোধন কৰাৰ বাবে আটক কৰা হৈছিল নিতাই দেক৷

 

বৰ্তমান চিজেএম ৰ্টত হাজিৰ কৰোৱা হৈছে সাংবাদিক নিতাই দেক। আৰক্ষী চকীত ত্ৰিপুৰা আৰক্ষীয়ে বন্দুকৰ কুন্দা আৰু হেলমেটেৰে প্ৰহাৰ কৰি সাংবাদিকগৰাৰী অকথ্য নিৰ্যাতন চৱোৱাৰ অভিযোগ উঠিছে৷ ত্ৰিপুৰা আৰক্ষীৰ এই কাণ্ডক নিন্দা কৰিছেঅল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন’-এ৷ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত সৰব হৈছেঅল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ