--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দ্বিতীয় বিশ্ব যুদ্ধৰ বিজয় দিবস উদযাপনৰ বাবে ৰাছিয়াৰ ৰাষ্ট্রপতি ব্লাডিমিৰ পুটিনে সোমবাৰে মে' মাহৰ দ্বিতীয় সপ্তাহত ৭২ ঘণ্টীয়া যুদ্ধ-বিৰতি ঘোষণা কৰে। 

এই সন্দর্ভত প্রেৰণ কৰা নির্দেশ অনুসৰি ১৯৪৫ চনত ৰাছিয়াৰ হাতত নাজী জার্মানিৰ পৰাজয়ৰ দিনটো উদযাপন কৰিবলৈ 'মানবীয় কাৰণত ৮ মে'ত (২১০০ জি এম টি, বিয়লি ৫ বজা ই ডি টি ৭ মে') এই যুদ্ধ-বিৰতি আৰম্ভ হ'ব আৰু ১০ মে'লৈ (২১০০ জি এম টি বিয়লি ৫ বজা ই ডি টি ১০ মে') থাকিব। 

আনহাতে, ইউক্রেইনে পুটিনৰ এই পদক্ষেপক সমালোচনা কৰে। ইউক্রেইনৰ বিদেশ মন্ত্রী এন্ট্রী চাইবিহাই কয়, 'বাছিয়াই যদি সঁচাকৈ শান্তি বিচাৰিছে, তেন্তে তৎক্ষণাৎ যুদ্ধ-বিৰতি ঘোষণা কৰিব লাগে। কিয় ৮ মে'লৈ ৰৈ থাকিব লাগে? যদি আমি এতিয়াই যিকোনো তাৰিখৰ পৰা আৰু ৩০ দিনৰ বাবে যুদ্ধ-বিৰতি ঘোষণা কৰিব পাৰোঁ, সেয়াহে প্রকৃত হ'ব।'

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ