--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছর্ট টার্ম ভিছা থকা পাকিস্তানীৰ দেশলৈ উভতি যোৱাৰ চূড়ান্ত সময়সীমা ২৭ এপ্রিলত শেষ হোৱাৰ আগত মুঠ ৫৩৭জন পাকিস্তানীয়ে যোৱা তিনি দিনত আতাৰী সীমান্তইদি দেশলৈ উভতি যায়। 

আনহাতে যোৱা তিনি দিনত ৮৫০জন ভাৰতীয় পাকিস্তানৰ পৰা দেশলৈ উভতি আহে। আতাৰী সীমান্তত থকা প্রট'কল বিষয়াই এই কথা জনায়। কেৱল দেওবাৰেই ২৩৭জন পাকিস্তানী দেশলৈ যায় আৰু ১১৬জন ভাৰতীয় দেশলৈ উভতি আহে। 

ভাৰতৰ বিদেশ সচিব বিক্রম মিস্ত্রীয়ে ২৩ এপ্রিলত জনাইছিল যে পাকিস্তানী নাগৰিকৰ ১৪টা শ্ৰেণীৰ ভিছা বাতিল কৰা হৈছে। ১৩টা শ্ৰেণীৰ ভিছা থকাসকলক ২৫ এপ্ৰিলৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কোৱা হৈছিল। পাছত দুটা দিন বৃদ্ধি কৰা হৈছিল। দেওবাৰে ইয়াৰে ১২টা শ্ৰেণীৰ ভিছা প্রাপ্তসকলৰ ভাৰত ত্যাগৰ চূড়ান্ত সময়সীমা দিয়া হৈছিল। আনহাতে, মেডিকেল ভিছা থকা পাকিস্তানীসকলে ২৯ এপ্ৰিলৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব। 

ইয়াৰ বাহিৰে পাকিস্তান উচ্চ আয়োগৰ প্ৰতিৰক্ষা, নৌ সেনা আৰু বায়ু সেনাৰ যিসকল কূটনীতিকক 'অনাৱশ্যকীয়' (আনৱান্টেড) ঘোষণা কৰা হৈছিল, তেওঁলোকে ৩০ এপ্ৰিলৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব। অৱশ্যে 'লং টার্ম' ভিছা থকাসকল তথা কূটনৈতিক আৰু চৰকাৰী ভিছা থকাসকলক 'ভাৰত ত্যাগ' নিৰ্দেশৰ পৰা ৰেহাই দিয়া হৈছিল। চৰকাৰে পাকিস্তানী নাগৰিকৰ বাবে দেওবাৰে বিয়লি এখন জাননী জাৰি কৰে। ইয়াত কোৱা হৈছে যে ইতিমধ্যে দিয়া চূড়ান্ত সময়ৰ ভিতৰত ভাৰত ত্যাগ নকৰিলে গ্ৰেপ্তাৰ কৰি মোকদমা চলোৱা হ'ব। এনে পাকিস্তানী নাগৰিকে ৩ বছৰ কাৰাদণ্ড বা ৩ লাখ টকা জৰিমনা বা দুয়োটাই ভুগিব লাগিব।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ