--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন স্বাধীন দেশত দশক দশক ধৰি ‘স্বাধীনতা’ৰ আনন্দ উদযাপনৰ পৰা বঞ্চিত হৈ আছিল। সেই গাঁঁওখনত বহুদিনৰ প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱস উপলক্ষে দেওবাৰে জাতীয় পতাকা উন্মোচন কৰি উল্লাসিত হৈ পৰে গাঁৱবাসী। আৰু গাওঁখনৰ বয়সস্থ লোকসকলে মত প্ৰকাশ কৰি কয় যে ইমান দিনৰ মূৰত স্বাধীনতা লাভ কৰা যেন অনুভৱ হৈছে।

এই গাঁওখনৰ নাম হৈছে ছত্তীশগড়ৰ সুকমা জিলাৰ টুমুলপাৰ গাঁও। ৰাজ্যৰ মাওবাদী প্ৰভাৱিত অঞ্চলৰ ভিতৰত ই অন্যতম এই গাঁওখন।নিৰাপত্তা বাহিনীৰ অবিৰত প্ৰচেষ্টাৰ বাবেই গাঁওখন মাওবাদী বিদ্ৰোহৰ পৰা মুক্ত হৈছে।স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসতেই হওক বছৰ বছৰ ধৰি মাওবাদীৰ ভয়ত তুমুলপাৰৰ গাঁওবাসীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পৰা বঞ্চিত হৈ আহিছে। ৭৬তম গণতন্ত্ৰ দিৱসত প্ৰথমবাৰৰ বাবে গাঁওখনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

এজন আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি গাঁৱৰ অতি ওচৰতে আৰক্ষী শিবিৰ স্থাপন কৰা হৈছে। যিয়ে মাওবাদীসকলক পিছুৱাই যাবলৈ বাধ্য হয় কৰিছিল। ফলস্বৰূপে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত ক’লা পতাকা উত্তোলনৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল। আৰক্ষীয়ে দাবী কৰিছে যে নতুন শিবিৰটো সৃষ্টিৰ ফলত চৰকাৰী সা-সুবিধাসমূহো অঞ্চলটোৰ ৰাইজলৈ পোনপটীয়াকৈ যোগান ধৰাত সুবিধা হ’ব। ইয়াৰ ফলত বঞ্চনাৰ অভিযোগ হ্ৰাস পাব বুলি আৰক্ষীয়ে দাবী কৰি কয় যে বিগত তিনিটা দশক ধৰি এই ক্ষেত্ৰত মাওবাদী সক্ৰিয় হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post