--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন স্বাধীন দেশত দশক দশক ধৰি ‘স্বাধীনতা’ৰ আনন্দ উদযাপনৰ পৰা বঞ্চিত হৈ আছিল। সেই গাঁঁওখনত বহুদিনৰ প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱস উপলক্ষে দেওবাৰে জাতীয় পতাকা উন্মোচন কৰি উল্লাসিত হৈ পৰে গাঁৱবাসী। আৰু গাওঁখনৰ বয়সস্থ লোকসকলে মত প্ৰকাশ কৰি কয় যে ইমান দিনৰ মূৰত স্বাধীনতা লাভ কৰা যেন অনুভৱ হৈছে।

এই গাঁওখনৰ নাম হৈছে ছত্তীশগড়ৰ সুকমা জিলাৰ টুমুলপাৰ গাঁও। ৰাজ্যৰ মাওবাদী প্ৰভাৱিত অঞ্চলৰ ভিতৰত ই অন্যতম এই গাঁওখন।নিৰাপত্তা বাহিনীৰ অবিৰত প্ৰচেষ্টাৰ বাবেই গাঁওখন মাওবাদী বিদ্ৰোহৰ পৰা মুক্ত হৈছে।স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসতেই হওক বছৰ বছৰ ধৰি মাওবাদীৰ ভয়ত তুমুলপাৰৰ গাঁওবাসীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পৰা বঞ্চিত হৈ আহিছে। ৭৬তম গণতন্ত্ৰ দিৱসত প্ৰথমবাৰৰ বাবে গাঁওখনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

এজন আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি গাঁৱৰ অতি ওচৰতে আৰক্ষী শিবিৰ স্থাপন কৰা হৈছে। যিয়ে মাওবাদীসকলক পিছুৱাই যাবলৈ বাধ্য হয় কৰিছিল। ফলস্বৰূপে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত ক’লা পতাকা উত্তোলনৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল। আৰক্ষীয়ে দাবী কৰিছে যে নতুন শিবিৰটো সৃষ্টিৰ ফলত চৰকাৰী সা-সুবিধাসমূহো অঞ্চলটোৰ ৰাইজলৈ পোনপটীয়াকৈ যোগান ধৰাত সুবিধা হ’ব। ইয়াৰ ফলত বঞ্চনাৰ অভিযোগ হ্ৰাস পাব বুলি আৰক্ষীয়ে দাবী কৰি কয় যে বিগত তিনিটা দশক ধৰি এই ক্ষেত্ৰত মাওবাদী সক্ৰিয় হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ