--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে মহাকুম্ভ মেলাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে মহাকুম্ভ মেলাত পুনৰ সংঘটিত হৈছে এক দুৰ্ঘটনা৷ মহাকুম্ভ মেলালৈ ত্ৰিবেনী সংগমত গা ধুবলৈ নাৱেৰে গৈ থকা এদল এদল তীৰ্থযাত্ৰীৰ নাও দু্ৰ্ঘটানাগ্ৰস্ত হয়। হঠাতে তীৰ্থযাত্ৰী সকলৰ মাজৰ এখন নাও দুৰ্ঘটতনাত পতিত হোৱাত যাত্ৰীসকলো নদীত পৰে যদিও কাষতে থকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ তৎপৰাতাত তীৰ্থযাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শনিবাৰে কিলাঘাটৰ সমীপত সংঘটিত হয় এই ঘটনা। তাৰ পৰাই ১০ জনীয়া পৰ্যটকৰ দল এটাই গা ধুবলৈ ওলাইছিল আৰু সেই সময়তে নাওখন ডুব যাবলৈ ধৰে। তাৰ লগে লগে যাত্ৰীসকলৰ সৈতে লাওখন ওলোটা হৈ পৰে। অৱশ্যে বৃহৎ বিপদৰ পৰা ৰক্ষা পৰিল যাত্ৰীসকল।এন ডি আৰ এফৰ ডিআইজি মনোজ কুমাৰ শৰ্মাই সকলো যাত্ৰীকে উদ্ধাৰ কৰা হৈছে বুলি সদৰি কৰে।

শনিবাৰে পুৱাৰ ভাগতে কুম্ভমেলালৈ যোৱা পথত ৰখাই থোৱা দুখন বাহনতো অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে শীঘ্ৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু এই ঘটনাত কোনো লোক আহত হোৱা নাই। অৱশ্যে এই ঘটনাই সকলোকে আতংকিত কৰি তোলে। উল্লেখযোগ্য যে ১৯ জানুৱাৰীতো কুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। ৫০ টাতকৈও অধিক টেণ্ট ধ্বংস হৈছিল এই আগ্নিকাণ্ডত। প্ৰশাসনে সদৰি কৰা অনুসৰি এই ঘটনাতো কোনো লোক আহত হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post