--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে নিশা ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ দেশৰ সন্মানীয় অসামৰিক বঁটা পদ্ম সন্মান বিজয়ীসকলৰ নাম। ২৫ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে মুঠ ১৩৯ গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰে ৭ গৰাকীলৈ পদ্ম বিভূষণ, ১৯ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। চৰকাৰে সমাজ সেৱা, কলা, ব্যৱসায়, বিজ্ঞান, শিক্ষা ইত্যাদি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ স্বীকৃতি হিচাপে পদ্ম সন্মানেৰে সন্মানিত কৰে। লক্ষণীয়ভাৱে এইবাৰ এগৰাকী আমেৰিকান মহিলাকো ভাৰত চৰকাৰে পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে।

পদ্মশ্ৰী সন্মান লাভ কৰা আমেৰিকাৰ এই মহিলাগৰাকীৰ নাম চেলি হোলকাৰ। তেওঁ আমেৰিকাত জন্মগ্ৰহণ কৰিলেও এই উদ্যোগী মহিলাগৰাকীয়ে ভাৰতত নিজ কৰ্মৰে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। উল্লেখ্য যে বৰ্তমানৰ ৮২ বছৰীয়া চেলি হোলকাৰে ভাৰতত তেওঁ নিজ কৰ্মৰে এক অনন্য স্থান দখল কৰি আহিছে। তেওঁ বিখ্যাত মহেশ্বৰী হস্ততাঁত শিল্পৰ নৱজাগৰণত সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।

উল্লেখ্য যে মধ্য প্ৰদেশৰ মহেশ্বৰলৈ অহাৰ পিছত চেলিয়ে পৰম্পৰাগত বয়ন শিল্পৰ বিকাশৰ বাবে কাম কৰিবলৈ লয়। ৰাণী অহিল্যবাই হোলকাৰৰ পৰা অনুপ্ৰাণিত হৈ মহেশ্বৰী বয়ন শিল্পক কেৱল ভাৰততে নহয়, বিশ্বজুৰি প্ৰসাৰিত কৰিবলৈ সক্ষম হয়। অশেষ কষ্টৰে চেলি হোলকাৰে বিলুপ্তিৰ পথত থকা মহেশ্বৰী শাৰী আৰু হস্ততাঁত শিল্পক পুনৰ সজীৱ কৰি তুলিলে। 

পৰম্পৰাগত ডিজাইনত আধুনিকতাৰ সংযোজন ঘটাই চেলি হোলকাৰে এই শিল্পক বিশ্বব্যাপী পৰিচিত কৰি তোলে। তেওঁৰ প্ৰচেষ্টাত হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি চেলি হোলকাৰে মহেশ্বৰত এখন হস্ততাঁত বিদ্যালয়ো স্থাপন কৰিছিল। ইয়াত পৰম্পৰাগত বয়ন কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছে। চেলিৰ এই প্ৰচেষ্টাত ২৫০ গৰাকীতকৈ অধিক মহিলাই কৰ্মসংস্থাপন লাভ কৰে।

তেওঁৰ প্ৰচেষ্টাত ১১০ খনতকৈও অধিক তাঁতশাল স্থাপন হয় আৰু আনকি ৪৫ বছৰৰ ওপৰৰ মহিলাসকলকো কৰ্মসংস্থাপন দিয়া হয়। চেলিয়ে কেৱল এই শিল্পকলা সংৰক্ষণেই নহয়, ইয়াক এক সফল ব্যৱসায়লৈও ৰূপান্তৰিত কৰি দেখুৱাইছিল। এই শিল্পক তেওঁ আন্তঃৰাষ্ট্ৰীয় বজাৰতো পৰিচয় কৰাইছিল। ফলস্বৰূপে কেৱল মধ্যপ্ৰদেশতে নহয় সমগ্ৰ বিশ্বতে মহেশ্বৰীৰ হস্ততাঁতে অনন্য স্বীকৃতি লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ