--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত ভাৰতীয় দলৰ ব্যৰ্থতাৰ বিপৰীতে ঘৰুৱা খেলত এসময়ত ত্ৰিশতকীয় টেষ্ট ইনিংছেৰে চমক সৃষ্টি কৰা এগৰাকী ভাৰতীয় খেলুৱৈয়ে শেহতীয়াকৈ এই ধাৰাবাহিকতা ৰক্ষা কৰি চমকপ্ৰদ প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বত স্থাপন কৰিছে এক নতুন অভিলেখ। দীৰ্ঘদিন ধৰি তেওঁ ভাৰতীয় দলৰ বাহিৰত থকাৰ পাছতো বিজয় হাজাৰে ট্ৰফীত বিদৰ্ভৰ হৈ তেওঁ একেৰাহে চাৰিটাকৈ শতক অৰ্জন কৰি অভিলেখ গঢ়ে কৰুণ নায়াৰে৷

ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এদিনীয়া ফৰ্মেটৰ প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত কৰুণ নায়াৰে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। এই প্ৰতিযোগিতাখনত ক্ৰিকটাৰ গৰকীয়ে এইপৰ্যন্ত ৫ খন মেচত চাৰিটাকৈ শতকেৰে ৫৪২ ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখনত এইপৰ্যন্ত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে শীৰ্ষস্থানত উপনিত হৈছে।

এই অভিলেখ গঢ়াৰ পাছত কৰুণ নায়াৰ বিশ্বৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আউট নোহোৱাকৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ গঢ়িছিল নিউজিলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেমছ ফ্ৰেংকলিনে। ২০১০ চনত আউট নোহোৱাকৈ ৫২৭ ৰান সংগ্ৰহ কৰিছিল প্ৰাক্তন কিৱি তাৰকাগৰাকীয়ে। এইবাৰ বিজয় হাজাৰে ট্ৰফীত কৰুণ নাইৰে পাঁচখন খেলত চাৰিটা শতক অৰ্জন কৰি এই অভিলেখ ভংগ কৰে। এনে চমকপ্ৰদ প্ৰদৰ্শনৰে বিদৰ্ভই এতিয়ালৈকে প্ৰতিযোগিতাৰ আটাইকেইখন মেচত জয়েৰে গ্ৰুপ ডিৰ শীৰ্ষস্থানত আছে।

উল্লেখ্য যে কৰুণ নায়াৰৰ ২০১৬ চনত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল। এই সময়ছোৱাত নায়াৰে ৬খন টেষ্টৰ ৭ ইনিংছত ৬২.৩৩ গড়ে ৩৭৪ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাতে ক্ৰিকেটাৰ গৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৩০৩ ৰানৰ ইনিংছ খেলি চমক সৃষ্টি। কৰছিল কিন্তু ২০১৭ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ধৰ্মশালা টেষ্টৰ পিছত জাতীয় দলত পুনৰ স্থান লাভ কৰা নাই এইগৰাকী তাৰকা ক্ৰিকেটাৰ কৰুণ নায়াৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ