--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাটপ্ৰেমীসকলৰ বাবে এক সুখবৰ। সৰ্বাধিক পৰিমাণৰ আয়কৰ দিয়া ক্ৰিকেটাৰৰ শীৰ্ষত আছে বিৰাট কোহলী।  ভাৰতীয় ক্রিকেটাৰসকলে ক্ৰিকেটৰ লগতে বিভিন্ন উৎসৰ পৰা বৃহৎ পৰিমাণৰ ধন আয় কৰে। তেওঁলোকে বিশেষকৈ বিজ্ঞাপনৰ জৰিয়তে কোটি কোটি টকা আয় কৰে।

মন কৰিবলগীয়া যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইখনমান মেচ খেলাৰ পাছতে ভাৰতীয় ক্রিকেটাৰসকল কোটিপতি হৈ পৰে। ইয়াৰ লগতে আই পি এল খেলিও ক্রিকেটাৰসকলে মোটা অংকৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

বি চি চি আইৰ সৈতে চুক্তিবদ্ধ হোৱা, মেচ ফীজ আৰু আই পি এলত খেলাৰ বাবদ ক্রিকেটাৰসকলে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰে।ইয়াৰ লগতে বিজ্ঞাপন বা অন্যান্য ইভেণ্টসমূহো আছে। এই খেলুৱৈসকলে তেওঁলোকে কৰা আয়ৰ বাবদ কৰো পৰিশোধ কৰে। 

ভাৰতীয় ক্রিকেটাৰসকলৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ আয়কৰ পৰিশোধ কৰে বিৰাট কোহলীয়ে। তেওঁ ২০২৩-২৪ বিত্তীয় বর্ষত ৬৬ কোটি টকাৰ আয়কৰ পৰিশোধ কৰি শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত দ্বিতীয় স্থানত থকা আছে মহেন্দ্র সিং ধোনী। ধোনীয়ে পৰিশোধ কৰা কৰৰ পৰিমাণ হ'ল ৩৮ কোটি টকা। 

আনহাতে শচীন তেণ্ডুলকাৰে যোৱা বিত্তীয় বর্ষত ২৮ কোটি টকাৰ আয়কৰ পৰিশোধ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post