--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা৷ ইয়াত অংশ ল’বলৈ দেশ-বিদেশৰ ভক্ত, সাধু, সন্ন্যাসী,বাবাসকল উপস্থিত হৈছেহি। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভমেলাৰ অন্ত পৰিব ২৬ ফেব্ৰুৱাৰীত।

মহাকুম্ভমেলাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিছু ঋষি-সাধুৰ অনন্য ৰূপ। ইয়াৰ ভিতৰত ভক্তসকলৰ দৃষ্টি আকৰ্ষণ কৰি থকা বাবাজন হৈছে কবুতৰৱালা বাবা। কবুতৰ অৰ্থাৎ এটা পাৰ চৰাইৰ বাবে তেওঁক এই নামেৰে জনা গৈছে।

এইগৰাকী সাধুৰ শিৰত বহি থাকে এটা বগা পাৰ। এই বগা পাৰটো ৯ বছৰ ধৰি তেওঁৰ শিৰৰ জঁটাত বহি আছে। সাধুগৰাকীৰ নাম ৰাজপুৰী জী মহাৰাজ আৰু তেওঁৰ সংগী পাৰটোৰ নাম হৰি পুৰী। বাবা আৰু তেওঁৰ পাৰ চৰাইৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

মহন্ত ৰাজপুৰী জী মহাৰাজে যোৱা ন বছৰ ধৰি তেওঁৰ সংগী পাৰ হৰি পুৰীৰ সৈতে বাস কৰি আছে। বাবাই কয় যে হৰি পুৰী তেওঁৰ জীৱনৰ প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰতীক। তেওঁ হাঁহি হাঁহি কয় যে, “মই মোৰ জীৱনৰ বহুমূলীয়া মুহূৰ্তবোৰ হৰি পুৰীৰ লগত কটালোঁ। মোৰ বাবে ই কেৱল চৰাই নহয় বৰঞ্চ ঈশ্বৰৰ প্ৰেম আৰু কৰুণাৰ প্ৰতীক।”

কবুতৰৱালা বাবাৰ মতে সকলো জীৱৰ প্ৰতি দয়া আৰু সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। তেওঁ কয়, “জীৱৰ সেৱা কৰাটো আমাৰ চূড়ান্ত কৰ্তব্য হ’ব লাগে। মানৱ জীৱনৰ উদ্দেশ্য হৈছে আনৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰা।”

বাবা ৰাজপুৰী আৰু তেওঁৰ পাৰ হৰী পুৰীৰ এই অনন্য যোৰাটো কুম্ভমেলাৰ অন্যতম চৰ্চিত বিষয় হৈ পৰিছে।

হৰি পুৰী সদায় বাবাৰ মূৰত বহি থাকে৷ খোৱা, শোৱা, বহা সকলো সময়তে লগত থকাৰ লগতে পূজা কৰাই হওক, ধ্যান কৰাই হওক, ভক্তৰ লগত মত বিনিময় কৰাই হওক সকলো সময়তে লগত থাকে। 

এটা পাৰ এনেদৰে এগৰাকী সাধুৰ মূৰৰ ওপৰত বহি থকটো সকলোৱে অলৌকিক ঘটনা বুলি অভিহিত কৰিছে। ঈশ্বৰৰ চমৎকাৰৰ অবিহনে এনে ঘটনা কেতিয়াও সম্ভৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ