--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা৷ ইয়াত অংশ ল’বলৈ দেশ-বিদেশৰ ভক্ত, সাধু, সন্ন্যাসী,বাবাসকল উপস্থিত হৈছেহি। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভমেলাৰ অন্ত পৰিব ২৬ ফেব্ৰুৱাৰীত।

মহাকুম্ভমেলাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিছু ঋষি-সাধুৰ অনন্য ৰূপ। ইয়াৰ ভিতৰত ভক্তসকলৰ দৃষ্টি আকৰ্ষণ কৰি থকা বাবাজন হৈছে কবুতৰৱালা বাবা। কবুতৰ অৰ্থাৎ এটা পাৰ চৰাইৰ বাবে তেওঁক এই নামেৰে জনা গৈছে।

এইগৰাকী সাধুৰ শিৰত বহি থাকে এটা বগা পাৰ। এই বগা পাৰটো ৯ বছৰ ধৰি তেওঁৰ শিৰৰ জঁটাত বহি আছে। সাধুগৰাকীৰ নাম ৰাজপুৰী জী মহাৰাজ আৰু তেওঁৰ সংগী পাৰটোৰ নাম হৰি পুৰী। বাবা আৰু তেওঁৰ পাৰ চৰাইৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

মহন্ত ৰাজপুৰী জী মহাৰাজে যোৱা ন বছৰ ধৰি তেওঁৰ সংগী পাৰ হৰি পুৰীৰ সৈতে বাস কৰি আছে। বাবাই কয় যে হৰি পুৰী তেওঁৰ জীৱনৰ প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰতীক। তেওঁ হাঁহি হাঁহি কয় যে, “মই মোৰ জীৱনৰ বহুমূলীয়া মুহূৰ্তবোৰ হৰি পুৰীৰ লগত কটালোঁ। মোৰ বাবে ই কেৱল চৰাই নহয় বৰঞ্চ ঈশ্বৰৰ প্ৰেম আৰু কৰুণাৰ প্ৰতীক।”

কবুতৰৱালা বাবাৰ মতে সকলো জীৱৰ প্ৰতি দয়া আৰু সেৱাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। তেওঁ কয়, “জীৱৰ সেৱা কৰাটো আমাৰ চূড়ান্ত কৰ্তব্য হ’ব লাগে। মানৱ জীৱনৰ উদ্দেশ্য হৈছে আনৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰা।”

বাবা ৰাজপুৰী আৰু তেওঁৰ পাৰ হৰী পুৰীৰ এই অনন্য যোৰাটো কুম্ভমেলাৰ অন্যতম চৰ্চিত বিষয় হৈ পৰিছে।

হৰি পুৰী সদায় বাবাৰ মূৰত বহি থাকে৷ খোৱা, শোৱা, বহা সকলো সময়তে লগত থকাৰ লগতে পূজা কৰাই হওক, ধ্যান কৰাই হওক, ভক্তৰ লগত মত বিনিময় কৰাই হওক সকলো সময়তে লগত থাকে। 

এটা পাৰ এনেদৰে এগৰাকী সাধুৰ মূৰৰ ওপৰত বহি থকটো সকলোৱে অলৌকিক ঘটনা বুলি অভিহিত কৰিছে। ঈশ্বৰৰ চমৎকাৰৰ অবিহনে এনে ঘটনা কেতিয়াও সম্ভৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা