--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদয়পুৰ আদালতে ৯ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। অভিযুক্তৰ লগতে তেওঁৰ পিতৃ-মাতৃও এই হত্যাকাণ্ডৰ সৈতে জড়িত আছিল, যাৰ বাবে আদালতে তেওঁলোককো শাস্তি প্ৰদান কৰিছে। অপৰাধী কমলেশে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি ১০ টুকুৰা কৰি কাটি পেলাইছিল। কেৱল এয়াই নহয়, টুকুৰা টুকুৰকৈ কাটি বস্তাত ভৰাই মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিল যাতে কোনেও বিচাৰি নাপায়। এই সময়ছোৱাত অভিযুক্তৰ পিতৃ-মাতৃয়েও কিশোৰী গৰাকীৰ মাংস পেলোৱা কামত সহযোগ কৰিছিল।

উদয়পুৰৰ POCSO আদালতে ৰায়দান কৰি অভিযুক্ত কমলেশক অপৰাধী বুলি ঘোষণা কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পাছে আদালতৰ পৰা ওলাই অহাৰ লগে লগে অভিযুক্তই ক’বলৈ আৰম্ভ কৰে যে তেওঁ নিৰ্দোষী আৰু পিতৃ-মাতৃক বচাবলৈ তেওঁ এই অপৰাধ নিজৰ ওপৰত লৈ লৈছে। তেওঁ ক’লে যে মোৰ ওপৰত হেঁচা দিয়া হৈছিল আৰু মই এই অপৰাধ স্বীকাৰ কৰিছিলো। কমলেশে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিব বুলিও কয়। আদালতে কমলেশৰ পিতৃ-মাতৃক ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আশ্চৰ্যজনক কথাটো হ’ল আদালতে যেতিয়া অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছিল তেতিয়া তেওঁৰ মুখত কোনো চিন্তাৰ ৰেশ নাছিল।

ঘটনাটোৰ দিনা কমলেশ ঘৰত অকলে আছিল, আৰু তেওঁ নিজৰ ফোনত অশ্লীল ছবি চাই আছিল, তেতিয়া ছোৱালীজনী তেওঁৰ ঘৰলৈ আহিছিল। কমলেশে চকলেট দিয়াৰ অজুহাতত ছোৱালীজনীক নিজৰ ওচৰলৈ মাতি আনি আৱদ্ধ কৰি পেলালে।তাৰপাছত ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰে কমলেশে আৰু মৃতদেহ টুকুৰা-টুকুৰ কৰি পেলায়।

যেতিয়া অভিযুক্তৰ পিতৃ-মাতৃয়ে এই কথা গম পালে, তেতিয়া তিনিওজনে মিলি মৃতদেহৰ টুকুৰাবোৰ বস্তাত ভৰাই ঘৰৰ পৰা আঁতৰাই ২০০ কিলোমিটাৰ দূৰত পেলোৱাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে ছোৱালীজনীয়ে কমলেশক দাদা বুলি মাতিছিল আৰু লগতে ৰক্ষাবন্ধনৰ দিনা ৰাখীও বান্ধিছিল। কিশোৰীগৰাকীৰ পৰিয়ালে ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল। সেইদিনা ছোৱালীজনীয়ে স্কুলৰ পৰা ৪ বজাত আহিছিল আৰু তাৰপাছত কাপোৰ সলাই বাহিৰলৈ ওলাই আহিছিল, কিন্তু সেইদিনা আৰু তেওঁ ঘৰলৈ উভতি নাহিল। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছত ডগ স্কোয়াডৰ সহায়ত ছোৱালীজনীৰ মৃতদেহৰ টুকুৰা উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ