--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদয়পুৰ আদালতে ৯ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। অভিযুক্তৰ লগতে তেওঁৰ পিতৃ-মাতৃও এই হত্যাকাণ্ডৰ সৈতে জড়িত আছিল, যাৰ বাবে আদালতে তেওঁলোককো শাস্তি প্ৰদান কৰিছে। অপৰাধী কমলেশে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি ১০ টুকুৰা কৰি কাটি পেলাইছিল। কেৱল এয়াই নহয়, টুকুৰা টুকুৰকৈ কাটি বস্তাত ভৰাই মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিল যাতে কোনেও বিচাৰি নাপায়। এই সময়ছোৱাত অভিযুক্তৰ পিতৃ-মাতৃয়েও কিশোৰী গৰাকীৰ মাংস পেলোৱা কামত সহযোগ কৰিছিল।

উদয়পুৰৰ POCSO আদালতে ৰায়দান কৰি অভিযুক্ত কমলেশক অপৰাধী বুলি ঘোষণা কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। পাছে আদালতৰ পৰা ওলাই অহাৰ লগে লগে অভিযুক্তই ক’বলৈ আৰম্ভ কৰে যে তেওঁ নিৰ্দোষী আৰু পিতৃ-মাতৃক বচাবলৈ তেওঁ এই অপৰাধ নিজৰ ওপৰত লৈ লৈছে। তেওঁ ক’লে যে মোৰ ওপৰত হেঁচা দিয়া হৈছিল আৰু মই এই অপৰাধ স্বীকাৰ কৰিছিলো। কমলেশে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিব বুলিও কয়। আদালতে কমলেশৰ পিতৃ-মাতৃক ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আশ্চৰ্যজনক কথাটো হ’ল আদালতে যেতিয়া অভিযুক্তক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছিল তেতিয়া তেওঁৰ মুখত কোনো চিন্তাৰ ৰেশ নাছিল।

ঘটনাটোৰ দিনা কমলেশ ঘৰত অকলে আছিল, আৰু তেওঁ নিজৰ ফোনত অশ্লীল ছবি চাই আছিল, তেতিয়া ছোৱালীজনী তেওঁৰ ঘৰলৈ আহিছিল। কমলেশে চকলেট দিয়াৰ অজুহাতত ছোৱালীজনীক নিজৰ ওচৰলৈ মাতি আনি আৱদ্ধ কৰি পেলালে।তাৰপাছত ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰে কমলেশে আৰু মৃতদেহ টুকুৰা-টুকুৰ কৰি পেলায়।

যেতিয়া অভিযুক্তৰ পিতৃ-মাতৃয়ে এই কথা গম পালে, তেতিয়া তিনিওজনে মিলি মৃতদেহৰ টুকুৰাবোৰ বস্তাত ভৰাই ঘৰৰ পৰা আঁতৰাই ২০০ কিলোমিটাৰ দূৰত পেলোৱাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে ছোৱালীজনীয়ে কমলেশক দাদা বুলি মাতিছিল আৰু লগতে ৰক্ষাবন্ধনৰ দিনা ৰাখীও বান্ধিছিল। কিশোৰীগৰাকীৰ পৰিয়ালে ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল। সেইদিনা ছোৱালীজনীয়ে স্কুলৰ পৰা ৪ বজাত আহিছিল আৰু তাৰপাছত কাপোৰ সলাই বাহিৰলৈ ওলাই আহিছিল, কিন্তু সেইদিনা আৰু তেওঁ ঘৰলৈ উভতি নাহিল। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছত ডগ স্কোয়াডৰ সহায়ত ছোৱালীজনীৰ মৃতদেহৰ টুকুৰা উদ্ধাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়