--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ আসক্তিয়ে এচামক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। আজিকালি ৰীল বনাই বহু লোকে ভালপায় কিন্তু ৰীল বনোৱাৰ নামত বা ছেলফি তোলাৰ নামত কিমান লোকে যে প্ৰাণ হেৰুৱাইছে সেই খবৰো মাজে মাজে আমাৰ মাজলৈ আহি থাকে।

উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা এক কৰুণ ঘটনা পোহৰলৈ আহিছে। পৰিয়ালৰ লোকে ৰীল বনোৱাৰ নামত ব্যস্ত থাকোতে এটি নিৰ্বোধ শিশুয়ে সাবটিলে অকাল মৃত্যুক। পৰিয়ালৰ অৱহেলাৰ বাবে নদীত ডুব যায় শিশুটি আৰু ঘটে সলিল সমাধি।

ঘটনাৰ বিৱৰণী অনুসৰি বাৰাণসীৰ চৌবেপুৰ থানাৰ উমৰা গাঁৱৰ নিবাসী সন্দীপ পাণ্ডেৰ পত্নী অংকিতা পাণ্ডে ৪ বছৰীয়া কন্যা তন্যাৰ সৈতে ষট পূজাৰ বাবে ছৈদপুৰৰ বাউৰৱান গাঁৱলৈ আহিছিল। সোমবাৰে তেওঁ ভগ্নী, বৌয়েক, মাতৃ আৰু কন্যাৰ সৈতে গংগা ঘাটলৈ যায়। শিশুটিৰ মাহীয়েকে ইনষ্টাগ্ৰামত ৰীল বনোৱাত ব্যস্ত আছিল। অন্য মহিলাসকল গা ধুৱাত ব্যস্ত আছিল আৰু কোনোৱে কণমানি তন্যাৰ প্ৰতি লক্ষ্য কৰা নাছিল। সকলো ব্যস্ত থকাৰ সময়তে তন্যা পানীত নামি যায়।

শিশুটিৰ মাহীয়েক ৰীল বনোৱাত ইমানেই ব্যস্ত আছিল যে শিশুটি ডুব যোৱাৰ কথা গ’মেই নাপালে। কিছুদেৰিৰ পাছত তন্যাক নেদেখি পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। পৰিয়ালৰ লোকে শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। পৰিয়ালৰ অৱহেলাৰ বাবেই কণমানি তন্যা কেতিয়াও কোনেও নেদেখা পৃথিৱীলৈ গুচি গ’ল। 

অৱশেষত মাহীয়েকে কৰি থকা ভিডিঅ’টো পৰিয়ালৰ লোকে চাই আৰু তেতিয়া দেখা পাই যে তন্যা ইতিমধ্যে নদীৰ পানীত ডুব গৈছে।আৰক্ষীক খবৰ দিয়াৰ পাছত উদ্ধাৰকাৰী দলে প্ৰায় ডেৰ ঘন্টা সময় অভিযান চলাই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰকাৰী দলে পানীৰ প্ৰায় ৫০ মিটাৰ তলত তন্যাৰ মৃতদেহ বিচাৰি পাইছিল। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত তন্যাৰ মৃতদেহ পৰিয়ালক চমজাই দিয়া হয়।

তন্যাক হেৰুৱাই পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে। এটি শিশুৰ এনে অকাল মৃত্যুক কি আখ্যা দিব আপুনি....ফেচবুকৰ কমেণ্ট বক্সত দিয়ক মন্তব্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ