ডিজিটেল ডেস্ক: সততে চৰকৰৰ ভূমি অধিগ্ৰহণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ চৰকাৰৰ এনে জনবিৰোধী কাৰ্যৰ জনসাধাৰণে তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰি আহিছে৷ এইখন অসমতে ব্যক্তিগত খণ্ডৰ উদ্যোগ গঢ়ি তুলিবলৈ সাধাৰণ জনতাৰ নূন্যতম সম্বল কৃষিভূমি, ব্যক্তিগত খণ্ডক গতাই দিয়াৰ দৰে ঘটনা নজিৰ বিহীন নহয়৷ আমচাংৰ ঘটনা সজীৱ হৈ আছে আজিও৷ শেহতীয়াকৈ কোনো ব্যক্তিৰ ব্যক্তিগত বা সাম্প্ৰদায়িক সম্পত্তিৰ ওপৰত চৰকাৰে অধিগ্ৰহণ কৰি ল’ব পাৰে নে নোৱাৰে এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত ৯ জনীয়া বিচাৰপীঠে এক ঐতিহাসিক ৰায়দান কৰিছে।
মঙলবাৰে উচ্চতম ন্যায়ালয়ে চৰকাৰে যিকোনো ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে বুলি কোৱা নিজৰ ৪৫ বছৰীয়া সিদ্ধান্ত বাতিল কৰি, আদালতে ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কয় যে চৰকাৰে সকলো ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰে। চৰকাৰে কেৱল সেই সম্পদসমূহ দাবী কৰিব পাৰে যিবোৰ সমাজৰ কল্যাণৰ সৈতে জড়িত।
বিচাৰপীঠে স্বীকাৰ কৰে যে ন্যায়াধীশ ভি কৃষ্ণ আয়াৰৰ পূৰ্বৰ সিদ্ধান্ত বিশেষ অৰ্থনৈতিক আৰু সমাজবাদী মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত আছি। এই সিদ্ধান্তত কোৱা হৈছিল যে ব্যক্তিগত মালিকানাধীন সকলো সম্পত্তি চৰকাৰে অধিগ্ৰহণ কৰিব পাৰে। ন্যায়াধীশ আয়াৰৰ এই সিদ্ধান্ত এটা বিশেষ অৰ্থনৈতিক মতাদৰ্শৰ ওপৰত ভিত্তি কৰি লোৱা হৈছিল বুলি উল্লেখ কৰে৷
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ কয় যে আদালতৰ ভূমিকা অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰা নহয়, কাৰণ ইয়াৰ বাবে মানুহে চৰকাৰক ভোট দিছে। যদি সকলো ব্যক্তিগত সম্পত্তিক সামূহিক সম্পদ বুলি গণ্য কৰা হয় তেন্তে সংবিধানৰ মৌলিক নীতিক দুৰ্বল কৰি তোলা হ’ব।
এই বিতৰ্কৰ মূলতে আছিল সংবিধানৰ চতুৰ্থ অংশৰ ৩৯খ অনুচ্ছেদৰ ব্যাখ্যা৷ এই অংশত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ উল্লেখ আছে আৰু এই নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰ বাধ্য নহয়।৩৯খ অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰই এনে নীতি নিৰ্ধাৰণ কৰিব লাগে যাতে সম্পদৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণ এনেদৰে বিতৰণ কৰা হয় যাতে সাধাৰণ জনতাৰ কল্যাণ সৰ্বাধিক হয়।
অনুচ্ছেদত ৩৯খৰ ব্যাখ্যাৰ এটা দিশ-‘সম্প্ৰদায়ৰ সম্পদ’ যি প্ৰায় পাঁচ দশক ধৰি বিভ্ৰান্তিকৰ হৈ আহিছে। ‘সম্প্ৰদায়ৰ সম্পদ’ কি আৰু কি নহয়? এই লৈ অস্পষ্ট হৈ আছিল এই লৈ ১৯৭৭ চনত, ১৯৯৬ চনতো শুনানি গ্ৰহণ কৰা হৈছিল৷
উল্লেখযোগ্য যে ১৯৭৬ চনত মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰা মহাৰাষ্ট্ৰ গৃহ নিৰ্মাণ আৰু এলেকা উন্নয়ন আইন অধীনত চহৰখনৰ পুৰণি আৰু জৰাজীৰ্ণ অট্টালিকাসমূহৰ সৈতে জড়িত সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰিছিল আৰু দুটাকৈ সংষোধনী অনা হৈছিল।
মুম্বাইৰ মালিকসকলে ইয়াৰ বাবে নিজৰ সম্পত্তি হেৰুৱাৰ আশংকাত ১৯৭৬ চনৰ আইনক মুম্বাইৰ সম্পত্তিৰ মালিক সন্থাই বম্বে উচ্চ ন্যায়ালয়ত এই সংশোধনীক প্ৰত্যাহ্বান জনাইছিল।তেওঁলোকৰ যুক্তি আছিল যে এই সংশোধনীয়ে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ অধীনত নিশ্চিত কৰা তেওঁলোকৰ সমতাৰ অধিকাৰৰ উলংঘা কৰিছে। কিন্তু বম্বে উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্তত কয় যে ৩৯বি অনুচ্ছেদৰ অধীনত প্ৰণয়ন কৰা আইনখনক সমতাৰ অধিকাৰৰ উল্লেখ কৰি প্ৰত্যাহ্বান জনাব নোৱাৰি।
অৱশেষত ১৯৯২ চনৰ ডিচেম্বৰ মাহত সংস্থাটোৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্থ হয় আৰু উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনায়। আৰু উচ্চতম ন্যায়ালয়ত ব্যক্তিগত মালিকানাধীন সম্পদ বা সঁচাকৈয়ে ব্যক্তিগত সম্পত্তিক সংবিধানৰ ৩৯খ অনুচ্ছেদৰ অধীনত ‘সম্প্ৰদায়ৰ সম্পদ’ বুলি ধৰিব পাৰি নে নহয়? সেয়া মূল প্ৰশ্ন হৈ পৰিল৷
শেহতীয়কৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় নেতৃত্বৰ ৯ জনীয়া ২০২৪ চনৰ ২৩ এপ্ৰিলৰ পৰা বিষয়টো বিতংভাৱে শুনানি গ্ৰহণ কৰে।