--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদীৰ চৰকাৰে অপাৰেশ্যন সিন্দূৰৰ সফলতাৰ বাৰ্তা ঘৰে ঘৰে দিয়াৰ প্রস্তুতি চলাইছে। এই অভিযানত মহিলাসকলক সেন্দূৰ উপহাৰ হিচাপে দিয়া হ'ব। বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই প্রকাশ কৰা অনুসৰি এই অভিযান ৯ জুনৰ পৰা আৰম্ভ কৰা হ'ব। 

উল্লেখযোগ্য যে যোৱা বছৰ ৯ জুনত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰূপে শপত গ্রহণ কৰিছিল। ৯ জুনত মোদী চৰকাৰৰ তৃতীয়টো কার্যকাল আৰম্ভ হৈছিল। এই অভিযানৰ মূল উদ্দেশ্য হ'ল মোদী চৰকাৰৰ সফলতাসমূহ জনসাধাৰণক জনোৱা।

এই জনসম্পৰ্কৰক্ষী অভিযানৰ সময়ত বিজেপিৰ কৰ্মীসকলে সমগ্র দেশতে মহিলাসকলক সেন্দূৰ উপহাৰ দিয়াৰ লগতে অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ মূল দিশসমূহ উল্লেখ থকা প্ৰচাৰ পত্রিকা বিতৰণ কৰিব। সকলো কেন্দ্রীয় মন্ত্রী, কেন্দ্রত ক্ষমতাত থকা বিজেপিৰ নেতৃত্বাধীন এন ডি এৰ সকলো সাংসদ আৰু সংগঠনৰ জ্যেষ্ঠ বিষয়ববীয়াসকলে এই অভিযানত অংশগ্রহণ কৰিব। এমাহ চলিবলগীয়া এই অভিযানৰ সময়ত প্ৰতিজন সাংসদে নিজ নিজ সংসদীয় সমষ্টিত প্রতিদিনে ১৫-২০ কিল'মিটাৰ পদযাত্ৰা কৰিব আৰু মন্ত্ৰীসকলে সপ্তাহত দুদিন ২০-২৫ কিল'মিটাৰ পদযাত্ৰা কৰি জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন কৰিব। 

আনহাতে, অপাৰেশ্যন সেন্দূৰৰ সময়ত সক্রিয়ভাৱে অৰিহণা আগবঢ়োৱা বিভাগসমূহে ইয়াক লৈ তথ্যচিত্র নির্মাণ কৰিব। এই তথ্যচিত্রত বিভাগসমূহত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকক দেখা পোৱা যাব। ইয়াৰ জৰিয়তে তেওঁলোকে গৌৰৱবোধ কৰাৰ সুযোগ লাভ কৰিব আৰু ভৱিষ্যতে আৰু অধিক বৰঙনি আগবঢ়োৱাত উৎসাহিত কৰিব। এই জনসম্পৰ্কৰক্ষী অভিযান প্রতিটো বিধানসভা সমষ্টিত ২৯ জুনলৈকে চলিব।

আনহাতে ২-৫ জুনলৈ জিলা পর্যায়ত বিজেপিৰ নেতাসকলে সংবাদমেলৰ আয়োজন কৰিব। ৰাষ্ট্ৰীয় সভাপতিয়ে ৭ বা ৮ জুনত দিল্লীত সংবাদমেল সম্বোধন কৰিব। দেশৰ প্ৰতিখন জিলাত পেছাদাৰী লোকসকলৰ সৈতে নীতিগত বিষয়ক লৈ আলোচনা কৰা হ'ব। আনহাতে, প্রতিটো মণ্ডলত বিকশিত ভাৰত সংকল্প সভা হ'ব আৰু ইয়াত নাগৰিকসকলে বিকশিত ভাৰতৰ বাবে সংকল্প ল'ব। আনহাতে, চহৰৰ প্ৰতিটো চুবুৰি আৰু গ্ৰামাঞ্চলসমূহৰ প্ৰতিটো পঞ্চায়তত চৰকাৰী আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হ'ব। আনহাতে, আয়ুষ্মান ভাৰত যোজনা শিবিৰৰ অধীনত প্ৰতিখন জিলাত পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হ'ব আৰু ইয়াত কমেও ১০০জন হিতাধিকাৰীয়ে অংশগ্রহণ কৰিব লাগিব। প্ৰতিখন জিলাত চৰকাৰী আঁচনিক লৈ প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। ১৫-২০ জুনলৈ যোগ প্রশিক্ষণ শিবিৰৰ আয়োজন কৰা হ'ব আৰু ২১ জুনত যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব।
ৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ