--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদীৰ চৰকাৰে অপাৰেশ্যন সিন্দূৰৰ সফলতাৰ বাৰ্তা ঘৰে ঘৰে দিয়াৰ প্রস্তুতি চলাইছে। এই অভিযানত মহিলাসকলক সেন্দূৰ উপহাৰ হিচাপে দিয়া হ'ব। বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই প্রকাশ কৰা অনুসৰি এই অভিযান ৯ জুনৰ পৰা আৰম্ভ কৰা হ'ব। 

উল্লেখযোগ্য যে যোৱা বছৰ ৯ জুনত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰূপে শপত গ্রহণ কৰিছিল। ৯ জুনত মোদী চৰকাৰৰ তৃতীয়টো কার্যকাল আৰম্ভ হৈছিল। এই অভিযানৰ মূল উদ্দেশ্য হ'ল মোদী চৰকাৰৰ সফলতাসমূহ জনসাধাৰণক জনোৱা।

এই জনসম্পৰ্কৰক্ষী অভিযানৰ সময়ত বিজেপিৰ কৰ্মীসকলে সমগ্র দেশতে মহিলাসকলক সেন্দূৰ উপহাৰ দিয়াৰ লগতে অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ মূল দিশসমূহ উল্লেখ থকা প্ৰচাৰ পত্রিকা বিতৰণ কৰিব। সকলো কেন্দ্রীয় মন্ত্রী, কেন্দ্রত ক্ষমতাত থকা বিজেপিৰ নেতৃত্বাধীন এন ডি এৰ সকলো সাংসদ আৰু সংগঠনৰ জ্যেষ্ঠ বিষয়ববীয়াসকলে এই অভিযানত অংশগ্রহণ কৰিব। এমাহ চলিবলগীয়া এই অভিযানৰ সময়ত প্ৰতিজন সাংসদে নিজ নিজ সংসদীয় সমষ্টিত প্রতিদিনে ১৫-২০ কিল'মিটাৰ পদযাত্ৰা কৰিব আৰু মন্ত্ৰীসকলে সপ্তাহত দুদিন ২০-২৫ কিল'মিটাৰ পদযাত্ৰা কৰি জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন কৰিব। 

আনহাতে, অপাৰেশ্যন সেন্দূৰৰ সময়ত সক্রিয়ভাৱে অৰিহণা আগবঢ়োৱা বিভাগসমূহে ইয়াক লৈ তথ্যচিত্র নির্মাণ কৰিব। এই তথ্যচিত্রত বিভাগসমূহত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকক দেখা পোৱা যাব। ইয়াৰ জৰিয়তে তেওঁলোকে গৌৰৱবোধ কৰাৰ সুযোগ লাভ কৰিব আৰু ভৱিষ্যতে আৰু অধিক বৰঙনি আগবঢ়োৱাত উৎসাহিত কৰিব। এই জনসম্পৰ্কৰক্ষী অভিযান প্রতিটো বিধানসভা সমষ্টিত ২৯ জুনলৈকে চলিব।

আনহাতে ২-৫ জুনলৈ জিলা পর্যায়ত বিজেপিৰ নেতাসকলে সংবাদমেলৰ আয়োজন কৰিব। ৰাষ্ট্ৰীয় সভাপতিয়ে ৭ বা ৮ জুনত দিল্লীত সংবাদমেল সম্বোধন কৰিব। দেশৰ প্ৰতিখন জিলাত পেছাদাৰী লোকসকলৰ সৈতে নীতিগত বিষয়ক লৈ আলোচনা কৰা হ'ব। আনহাতে, প্রতিটো মণ্ডলত বিকশিত ভাৰত সংকল্প সভা হ'ব আৰু ইয়াত নাগৰিকসকলে বিকশিত ভাৰতৰ বাবে সংকল্প ল'ব। আনহাতে, চহৰৰ প্ৰতিটো চুবুৰি আৰু গ্ৰামাঞ্চলসমূহৰ প্ৰতিটো পঞ্চায়তত চৰকাৰী আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হ'ব। আনহাতে, আয়ুষ্মান ভাৰত যোজনা শিবিৰৰ অধীনত প্ৰতিখন জিলাত পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হ'ব আৰু ইয়াত কমেও ১০০জন হিতাধিকাৰীয়ে অংশগ্রহণ কৰিব লাগিব। প্ৰতিখন জিলাত চৰকাৰী আঁচনিক লৈ প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। ১৫-২০ জুনলৈ যোগ প্রশিক্ষণ শিবিৰৰ আয়োজন কৰা হ'ব আৰু ২১ জুনত যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব।
ৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement