--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানে উপলব্ধি কৰা ভাল যে আমি ৩ বাৰ 'ঘৰত সোমাই মাৰিলোঁ। আমি শক্তিক উপাসনা কৰা লোক। বেংগল টাইগাৰৰ মাটিৰ পৰা ১৪০ কোটি ভাৰতীয়ৰ হৈ মই ঘোষণা কৰিছোঁ যে অপাৰেশ্যন সিন্দূৰ এতিয়াও শেষ হোৱা নাই।'

অপাৰেশ্যন সিন্দূৰৰ পাছত বৃহস্পতিবাৰে পশ্চিম বংগত প্রথমখন জনসভাত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে এইদৰে কয়।

মোদীয়ে দুর্গা পূজাৰ সময়ত বেংগলী মহিলাই পালন কৰা পৰম্পৰাগত 'সেন্দুৰ খেলা'ৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, 'এতিয়া মই 'সেন্দুৰ খেলা'ৰ পৱিত্ৰ ভূমিত থিয় হৈ আছোঁ, সেয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন সংকল্প 'অপাৰেশ্যন সেন্দুৰ'ৰ বিষয়ে আলোচনা স্বাভাৱিক।' তেওঁ আৰু কয়, '২২ এপ্রিলত পহলগামত সন্ত্রাসবাদীয়ে যি বৰ্বৰতা প্ৰদৰ্শন কৰিলে, তাৰ পাছত বংগত ক্ষোভৰ সৃষ্টি হৈছিল। সন্ত্রাসবাদীয়ে আমাৰ ভগ্নীসকলৰ শিৰৰ পৰা সেন্দুৰ মচিবলৈ সাহস কৰিলে। কিন্তু আমাৰ বীৰ জোৱানসকলে তেওঁলোকক সেন্দূৰৰ শক্তি উপলব্ধি কৰোৱালে।

সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি অব্যাহত থাকিব বুলি কৈ মোদীয়ে কয়, 'পহলগামৰ পাছত ভাৰতে বিশ্বক ক'লে যে যদি ভাৰতত এটা সন্ত্রাসবাদী আক্রমণ হয়, তাৰ বাবে সিহঁতে প্ৰচুৰ মূল্য ভৰিব লাগিব। পাকিস্তানে উপলব্ধি কৰা ভাল যে আমি ৩ বাৰ ঘৰত সোমাই মাৰিলোঁ।' প্রধানমন্ত্রীয়ে এই তিনিটা ঘটনাৰ বিয়য়ে বহলাই নক'লেও এই তিনিটা ঘটনা ২০১৬ চনৰ ছাৰ্জিকেল স্ট্রাইক, ২০১৯ চনৰ বালাকোট বিমান আক্রমণ আৰু শেহতীয়া অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তানত সন্ত্রাসবাদীৰ ৯টা ঘাটি ধ্বংসৰ কথাই কৈছে বুলি ভবা হৈছে। 

প্রধানমন্ত্রী মোদীয়ে ভাষণত মমতা বেনাৰ্জী চৰকাৰৰ দুর্নীতি আৰু কেন্দ্ৰৰ নীতবোৰৰ কথাও কয়। প্রধানমন্ত্রীয়ে কয় যে পশ্চিম বংগ চৰকাৰে কেন্দ্ৰৰ আঁচনিসমূহ কাৰ্যকৰী কৰা নাই। বংগই আয়ুষ্মান আঁচনিৰ সুফল লাভকৰা নাই। প্রধানমন্ত্রীয়ে কয় যে বর্তমান বংগক কেইবাটাও সংকটে আৱৰি ধৰিছে। প্রথম সংকট, সমাজত বিয়পি পৰা হিংসা আৰু অৰাজকতা। দ্বিতীয়, মাতৃ-ভগ্নীৰ নিৰাপত্তাহীনতা, তৃতীয়, যুৱসকলৰ কৰ্মসংস্থানহীনতা, চতুর্থ, দুর্নীতি আৰু পঞ্চম, দৰিদ্ৰৰ অধিকাৰ শাসক দলে কাঢ়ি নিয়া। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'মুৰ্ছিদাবাদ আৰু মালদহত যি হিংসাৰ ঘটনা ঘটিল, সেয়া হৈছে মমতা বেনাৰ্জী চৰকাৰৰ নিৰ্মমতাৰ উদাহৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ