--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ প্ৰযুক্তিৰ দিশত এক নতুন দিগন্তৰ বাট মুকলি হ'ল।

ডিজিটেল ডেস্ক : ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ প্ৰযুক্তিৰ দিশত এক নতুন দিগন্তৰ বাট মুকলি হ'ল। শ্রেণীকোঠাত সংযোজিত হ'ল সমগ্র দেশৰ ভিতৰতে অন্যতম হিচাপে বিবেচিত কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড। 


এই কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'ৰ্ডৰ প্ৰয়োগ কৌশল সম্পর্কে মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নির্ণায়ক কোষ আৰু শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজি অধ্যাপক-অধ্যাপিকাসকলৰ মাজত এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত ভি-জ্ঞান কোম্পানীৰ কাৰিকৰী বিষয়া ক্লেপটন ৰংহাং। তেওঁ অধ্যাপক-অধ্যাপিকাসকলক স্মার্ট ব'ৰ্ডৰ বিভিন্ন কৌশল প্রয়োগ কৰি কেনেদৰে শ্রেণীকোঠা অধিক ফলপ্রসূ কৰি তুলিব পাৰি সেই বিষয়ে অৱগত কৰাৰ লগতে এনে শিকন সামগ্ৰীৰ ব্যৱহাৰ বিতংভাৱে ব্যাখ্যা আগবঢ়ায় শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰে।


অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয় যে এয়া ৮০ বছৰীয়া মহাবিদ্যালয়খনৰ বাবে অন্যতম এক নতুন খোজ। মহাবিদ্যালয়খন অত্যাধুনিক প্রযুক্তিৰ দিশত আগুৱাই নিবলৈ চেষ্টা কৰি থকাৰ অংশ হিচাপে এনে শিকন সামগ্ৰী ব্যৱহাৰ কৰা হয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইতিমধ্যে মহাবিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক শ্রেণীকোঠাত এনে প্ৰযুক্তিৰ শেহতীয়া কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড সংযোজন কৰা হৈছে। তেওঁ কয় যে নিশ্চিতভাবে এনে স্মার্ট ব'ৰ্ড পৃথিৱীত আৱিষ্কাৰ হোৱাৰ লগে লগেই কানৈ মহাবিদ্যালয়েও শিক্ষার্থী আৰু অধ্যাপক-অধ্যাপিকাৰ সুবিধাৰ্থে শ্ৰেণীকোঠাসমূহ সজাই তুলিছে। অধ্যক্ষগৰাকীয়ে কয়- শ্রেণীকোঠাত এই কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'ৰ্ডৰ সংযোজনে ব্যক্তিগত শিক্ষাত সুবিধা, স্বয়ংক্রিয় মূল্যায়নৰ ফিডবেক, ভাষান্তৰ আৰু সুলভতা, জটিল বিষয়সমূহ সহজে উপস্থাপন আৰু শিক্ষকৰ কামৰ বোজা যথেষ্ট হ্রাস হ'ব। 


অনুষ্ঠানত উপাধ্যক্ষ ড° পার্থ গাংগুলীয়ে কয়- এনে কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড শ্রেণীকোঠাত সংস্থাপন কৰাৰ ফলত পাঠ্যক্ৰমৰ পৰিকল্পনা কৰা, প্ৰশ্নকাকত প্ৰস্তুত কৰা, শ্ৰেণীকোঠাত উপস্থিতি লোৱা, বিভিন্ন বিজ্ঞানৰ জটিল পৰীক্ষা বা ভূগোলৰ মানচিত্ৰ কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত থ্রী ডি মডেল বা এনিমেশ্যনৰ জৰিয়তে সহজে দেখুৱাব পাৰিব। শিক্ষাৰ্থীৰ মাজত কুইজ বা সমাধানবোৰ তৎক্ষণাৎ দিব পৰা যাব।


শিক্ষার্থীৰ শিকিব পৰা ক্ষমতা আৰু গতি অনুসৰি পাঠদানৰ সমলবোৰ সহজে সাল-সলনি কৰিব পাৰিব। বুজি নোপোৱা বিষয় এটা সহজে বা কৃত্রিম বুদ্ধিমত্তাৰ যোগেদি অতিৰিক্তভাৱে বুজোৱাত সহজ হ'ব।' মহাবিদ্যালয়ৰ শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ সমন্বয়ক তথা সংস্কৃত বিভাগৰ অধ্যাপিকা বিনী শইকীয়াই কয় যে অনাগত দিনত নতুন শিক্ষা নীতি-২০২০ অনুসৰি শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত আগুৱাই যাব পৰাকৈ শিক্ষক প্রশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা সময়ে সময়ে অধ্যাপক-অধ্যাপিকাসকলৰ মাজত এনে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু ভৱিষ্যতেও এনে কাৰ্যসূচী সঘনাই অনুষ্ঠিত কৰা হ'ব। 


অনুষ্ঠানত মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈয়ে শ্রেণীকোঠাত এনে উন্নত প্রযুক্তিসম্পন্ন কৃত্রিম বুদ্ধিমত্তাৰ স্মার্ট ব'ৰ্ড সংযোজন কৰাৰ বাবে সকলো অধ্যাপক-অধ্যাপিকাৰ হৈ অধ্যক্ষ ড° শশীকান্ত শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে। প্রশিক্ষণ কার্যসূচীত মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান