--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে মায়ঙৰ বেৰাদীয়া গাঁৱৰ জীতেশ সন্ন্যাসী (২৪) আৰু মায়ঙৰ লেচৰীবড়ী গাঁৱৰ মাহমাদুল ইছলাম (৩২)।

ডিজিটেল ডেস্ক: ৰাজ্যত বিৰামহীনভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।


আৰক্ষীৰ বিৰামহীন অভিযান অব্যাহত আছে যদিও ৰাজ্যত ড্ৰাগছৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে। সৰবৰাহকাৰীসকলে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে । তাৰ মাজতে কিছুমান ধৰা পৰি আহিছে । শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে ড্ৰাগছৰ সৈতে জড়িত এক খবৰ।


ড্ৰাগছ বিৰোধী অভিযানত মায়ং আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ১৮টা ড্ৰাগছ কণ্টেইনাৰসহ আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী।


ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে মায়ঙৰ বেৰাদীয়া গাঁৱৰ জীতেশ সন্ন্যাসী (২৪) আৰু মায়ঙৰ লেচৰীবড়ী গাঁৱৰ মাহমাদুল ইছলাম (৩২)।


মায়ং আৰক্ষীৰ এটা বৃহৎ দলে এক গোপন সূত্ৰৰ খবৰত অভিযান চলাই মায়ঙৰ লেচেৰীবড়ীত আশীগড় সংযোগী পথত তালাচী চলাই এখন চাৰি চকীয়া বাহন AS-21-J-3176 নম্বৰৰ এল্টো গাড়ীসহ আটক কৰে সৰবৰাহকাৰী দুজনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু