--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বীজপামৰ প্ৰায় ১৫০ বিঘা ভূমি অসম চৰকাৰে যোৱা বছৰ ৰামদেৱকো হস্তান্তৰ কৰিবলৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

ডিজিটেল ডেস্ক: জাতি, মাটি, ভেটি সুৰক্ষাৰ সংকল্প তথা প্রতিশ্রুতিৰে ক্ষমতালৈ অহা বিজেপি অগপৰ নেতৃত্বৰ মিত্ৰজোঁটৰ বিগত ১০ বছৰীয়া শাসন কালত ৰাজ্যখনৰ বিভিন্ন জিলাত শ শ বিঘা ভূমি বৃহৎ বণিক গোষ্ঠী তথা কৰ্প'ৰেট গোষ্ঠীক আবণ্টন দি অহাৰ পাছতো মিত্রজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদ দলৰ মৌন স্থিতি জাতিটোৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছে। 


ইতিমধ্যে উজনি-নামনিৰ ভিন্ন জিলাত শ শ বিঘা কৃষিভূমি আৰু যুগ যুগ ধৰি জনজাতীয় লোকৰ ভোগ দখলত থকা শ শ বিঘা ভূমি ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নৰ বাবে প্রয়োজন হোৱাৰ গইনাৰে অতিশয় কৌশলেৰে বিজেপিৰ নেতৃত্বৰ অসম চৰকাৰে বৃহৎ বণিক গোষ্ঠীক গতাই দিছে। 


ইয়াৰ পাছতো ৰাজ্যখনত ভিন্ন বিষয়ত সততে দপদপাই থকা অসমপ্ৰেমী ৰাজনৈতিক দল আৰু একাংশ জাতীয় সংগঠনৰ মূৰ পোলোকা স্থিতিয়ে কৃষিভূমিৰ অধিকাৰ অসমীয়াৰ পৰা কাঢ়ি নি পুঁজিপতিৰ স্বাৰ্থক সুৰক্ষা দি অহা চৰকাৰখনৰ কৃষক বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে প্রবল প্রতিবাদ নকৰাটো জাতিটোৰ বাবে ভয়ানক দিনৰ আগজাননী বুলিও চর্চিত হৈছে। এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে অসম চৰকাৰে অসম-নগালেণ্ড সীমান্তত নিৰপেক্ষ বাহিনীৰূপে থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ কাৰ্যালয় স্থাপনৰ বাবে গোলাঘাট জিলাৰ ফলঙনিত অৱস্থিত অসম বীজ নিগম পৰিসীমিতৰ 'ফলঙনি বীজ পাম'ৰ ৫০ বিঘা মাটি চি আৰ পি এফক সম্প্রতি চমজাই দিয়া কাৰ্যই বৃহত্তৰ ফলঙনি অঞ্চলৰ লগতে গোলাঘাট জিলাৰ ভিন্ন কৃষিজীৱীৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ১৯৫৮ চনতে স্থাপন হোৱা এই বীজ পামৰ ভূমিত যোৱা বছৰলৈকে ধানৰ বীজ উৎপাদন হৈ আহিছে আৰু এই পামত অতিশয় উন্নতজাতৰ বীজ উৎপাদন হয়। 


উল্লেখযোগ্য যে এই বীজপামৰ প্ৰায় ১৫০ বিঘা ভূমি অসম চৰকাৰে যোৱা বছৰ ৰামদেৱকো হস্তান্তৰ কৰিবলৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এনে সময়তে বিগত বৰ্ষৰ যোৱা ১০ আগষ্টত ফলঙনিৰ মানৱ অধিকাৰ কর্মী মানৱ শৰ্মাকে ধৰি স্থানীয় ৰাইজৰ সহযোগত ফলঙনিত পৰিৱেশ সুৰক্ষা সম্পৰ্কত অনুষ্ঠিত এক সজাগতা সভাত ফলঙনিৰ কৃষি বীজ পামৰ ভূমি ৰামদেৱক গতাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল। যি প্রতিবাদী সভাত অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েং, পৰিৱেশ কর্মী অপূর্ব বল্লভ গোস্বামী প্রমুখ্যে স্থানীয় বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্রহণ কৰিছিল। এনে প্রতিবাদৰ পাছতেই কিছুদিনৰ বাবে বীজ পামৰ ভূমি আবণ্টনৰ বিষয়টো স্থানীয় প্রশাসনে গাপ দি ৰখাৰ পাছত কালি হঠাতে ফলঙনিৰ গাঁও প্রধান প্রশান্ত শইকীয়াৰ উপস্থিতিত গোলাঘাটৰ প্ৰশাসনে ৫০ বিঘা ভূমি চি আৰ পি এফক চমজাই দিয়ে। 


অন্যহাতে, অসম-নগালেণ্ড সীমান্তত নিৰপেক্ষ বাহিনীৰূপে থকা চি আৰ পি এফৰ ১৪২নং বাহিনীৰ বৰ্তমান ছাউনীৰ কার্যালয় আছে গোলাঘাট নগৰৰ জোনাকী নগৰত। এই বাহিনী সীমান্তৰ মেৰাপানীৰ 'ডি' ছেক্টৰৰ আৰু উৰিয়ামঘাট অঞ্চলৰ 'চি' ছেক্টৰৰ তদাৰকৰ বাবে নিয়োজিত হৈ আহিছে। এনে অৱস্থাত এতিয়া ১৪২ নং চি আৰ পি এফৰ উক্ত নিৰপেক্ষ বাহিনী অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী বা উৰিয়ামঘাট অঞ্চলতহে থকা অত্যন্ত প্রয়োজন আছে। 


ইফালে সীমান্তত যদিহে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে মেৰাপানী আৰু উৰিয়ামঘাট অঞ্চললৈ ফলঙনিৰ পৰা যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। এনে দিশলৈ লক্ষ্য ৰাখি ফলঙনিৰ বীজ পামৰ মাটিত চি আৰ পি এফৰ কাৰ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টন দিয়াতো গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে। অন্যহাতে, মিত্রজোঁট অসম চৰকাৰৰ অসম গণ পৰিষদ দলৰ প্ৰতিনিধি অতুল বৰাই কৃষি মন্ত্ৰীৰূপে দুটাকৈ কার্যকাল সম্পূৰ্ণ কৰাৰ পাছতো শ শ বিঘা কৃষিভূমি বৃহৎ বণিক গোষ্ঠীৰ স্বাৰ্থত কৌশলেৰে শ্ৰেণী পৰিৱৰ্তন কৰি গতাই দি অহাৰ পাছতো আঞ্চলিক দলটোৰ অন্যতম কাণ্ডাৰীজনৰ মৌন স্থিতিয়ে কৃষিজীৱীৰ বাবে অশনি সংকেত কঢ়িয়াই অনা বুলিও তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান