--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা কোনো লোকে নিক্ষেপ কৰে ৬ টাকৈ পেট্ৰ’ল বটল বোমা আৰু দুডালকৈ জোঁৰ। নেতাগৰাকীৰ ঘৰৰ সন্মুখৰ পাচলিবাৰীত পৰে পেট্ৰ’ল বটল বোমা।

ডিজিটেল ডেস্ক: কালি অৰ্থাৎ ৪ মে’ত ঘোষণা কৰা হ’ল অসম বিধান সভা নিৰ্বাচনৰ ফলাফল৷ অসমত বিজেপিয়ে লাভ কৰিলে ঐতিহাসিক বিজয়। বিজেপিৰ শক্তিত মুখথেকেচা খালে কংগ্ৰেছ দলে। NDAয়ে ১০২খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিজেপি দলে লাভ কৰিলে ৮২খন আসন, অগপ দলে ১০খন আৰু BPFদলে লাভ কৰিলে ১০খন আসন। মাত্ৰ ১৯খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ। 


উজনি অসমত সমুলঞ্চে ভেটি উছন হ’ল কংগ্ৰেছৰ। ৯৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ১৯খন আসনহে লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ। ১৯গৰাকী নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ ১৮গৰাকীয়েই ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থী। কংগ্ৰেছৰ পৰা মাত্ৰ এগৰাকী হিন্দু বিধায়কহে নিৰ্বাচিত হ’ল অসম বিধানসভালৈ।


নিৰ্বাচন ফলাফলৰ পাছতে ডিফুত ঘটিছে অঘটন। ডিফুত সংঘটিত হৈছে পেট্ৰ’ল বটল বোমা নিক্ষেপৰ ঘটনা। বোকাজান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ ঘৰত নিক্ষেপ কৰা হৈছে পেট্ৰ’ল বটল বোমা। 


নিশা কোনো লোকে নিক্ষেপ কৰে ৬ টাকৈ পেট্ৰ’ল বটল বোমা আৰু দুডালকৈ জোঁৰ। নেতাগৰাকীৰ ঘৰৰ সন্মুখৰ পাচলিবাৰীত পৰে পেট্ৰ’ল বটল বোমা।


পুৱাৰ ভাগত পাচলি বাৰীত পেট্ৰ’ল বটল বোমা পৰি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষী দল উপস্থিত হৈ পেট্ৰ’ল বটল বোমা কেইটা উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত।


এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান