--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বলিষ্ঠ কাহিনী আৰু কাৰিকৰী উপস্থাপনৰ বাবে চুটি ছবিখনে এই সন্মান লাভ কৰিছে

ডিজিটেল ডেস্ক : অসমীয়া চুটি ছবি 'অনসুনী চীখে'ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র জগতত বিশেষ চর্চা লাভ কৰি ইতিমধ্যে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।



ড° পাৰ্থসাৰথি মহন্তই ৰচনা তথা পৰিচালনা কৰা আৰু মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে অলপতে কলকাতাত অনুষ্ঠিত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত (মে'-জুন ২০২৫)ত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে।


বলিষ্ঠ কাহিনী আৰু কাৰিকৰী উপস্থাপনৰ বাবে চুটি ছবিখনে এই সন্মান লাভ কৰিছে। অভিনেত্রী সীমা বিশ্বাসৰ একক অভিনয়ে চুটি ছবিখনৰ কাহিনীক গভীৰতা প্ৰদান কৰাৰ লগতে বর্ণনাত্মক দিশটোক অধিক মনোগ্ৰাহী কৰি তুলিছে। চলিত বছৰটোৰ আৰম্ভণিতে ১৭-২১ জানুৱাৰীত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ৱৰ্ল্ডবুড ইণ্টাৰনেশ্যনেল পানোৰামা (আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা শ্রেণী)ত এই চুটি ছবিখন নির্বাচিত হৈছিল আৰু দুটা শীর্ষ সন্মান লাভ কৰিছিল (শ্রেষ্ঠ অভিনেত্রী সীমা বিশ্বাস আৰু চুটি ছবি শ্রেণীত শ্রেষ্ঠ পৰিচালক ড° পাৰ্থসাৰথি মহন্ত)।


আনহাতে চলিত বর্ষত দিল্লী চুটি চলচ্চিত্র মহোৎসৱতো ছবিখনে শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰি সমকালীন ভাৰতীয় চলচ্চিত্ৰৰ এক উল্লেখযোগ্য সৃষ্টি হিচাপে স্থান দখল কৰিছে। এটা গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে, ছবিখন সম্প্রতি কান চলচ্চিত্ৰ মহোৎসৱৰ মার্চে ডু ফিল্ম (অনলাইন শাখা)ত দেখুওৱা হৈছিল। য'ত মর্মস্পর্শী বিষয়বস্তু আৰু কাহিনী বৰ্ণনাৰ বাবে বিশ্বব্যাপী দর্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল। সমালোচকসকলৰ মতে সূক্ষ্ম পৰিচালনা, শক্তিশালী একক অভিনয় আৰু বিশ্বজনীন আৱেদনেৰে 'অনসুনী চীখে'ই অসমীয়া আৰু ভাৰতীয় চুটি ছবিৰ মান উন্নত কৰি বিশ্বৰ মঞ্চ অধিকাৰ কৰিবলৈ সক্ষম হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ