--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বলিষ্ঠ কাহিনী আৰু কাৰিকৰী উপস্থাপনৰ বাবে চুটি ছবিখনে এই সন্মান লাভ কৰিছে

ডিজিটেল ডেস্ক : অসমীয়া চুটি ছবি 'অনসুনী চীখে'ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র জগতত বিশেষ চর্চা লাভ কৰি ইতিমধ্যে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।



ড° পাৰ্থসাৰথি মহন্তই ৰচনা তথা পৰিচালনা কৰা আৰু মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনে অলপতে কলকাতাত অনুষ্ঠিত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত (মে'-জুন ২০২৫)ত শ্রেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে।


বলিষ্ঠ কাহিনী আৰু কাৰিকৰী উপস্থাপনৰ বাবে চুটি ছবিখনে এই সন্মান লাভ কৰিছে। অভিনেত্রী সীমা বিশ্বাসৰ একক অভিনয়ে চুটি ছবিখনৰ কাহিনীক গভীৰতা প্ৰদান কৰাৰ লগতে বর্ণনাত্মক দিশটোক অধিক মনোগ্ৰাহী কৰি তুলিছে। চলিত বছৰটোৰ আৰম্ভণিতে ১৭-২১ জানুৱাৰীত জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ৱৰ্ল্ডবুড ইণ্টাৰনেশ্যনেল পানোৰামা (আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা শ্রেণী)ত এই চুটি ছবিখন নির্বাচিত হৈছিল আৰু দুটা শীর্ষ সন্মান লাভ কৰিছিল (শ্রেষ্ঠ অভিনেত্রী সীমা বিশ্বাস আৰু চুটি ছবি শ্রেণীত শ্রেষ্ঠ পৰিচালক ড° পাৰ্থসাৰথি মহন্ত)।


আনহাতে চলিত বর্ষত দিল্লী চুটি চলচ্চিত্র মহোৎসৱতো ছবিখনে শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰি সমকালীন ভাৰতীয় চলচ্চিত্ৰৰ এক উল্লেখযোগ্য সৃষ্টি হিচাপে স্থান দখল কৰিছে। এটা গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে, ছবিখন সম্প্রতি কান চলচ্চিত্ৰ মহোৎসৱৰ মার্চে ডু ফিল্ম (অনলাইন শাখা)ত দেখুওৱা হৈছিল। য'ত মর্মস্পর্শী বিষয়বস্তু আৰু কাহিনী বৰ্ণনাৰ বাবে বিশ্বব্যাপী দর্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল। সমালোচকসকলৰ মতে সূক্ষ্ম পৰিচালনা, শক্তিশালী একক অভিনয় আৰু বিশ্বজনীন আৱেদনেৰে 'অনসুনী চীখে'ই অসমীয়া আৰু ভাৰতীয় চুটি ছবিৰ মান উন্নত কৰি বিশ্বৰ মঞ্চ অধিকাৰ কৰিবলৈ সক্ষম হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান