--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হাস্পতালখনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নুৰ মহম্মদ নামৰ এজন লম্পটে এগৰাকী নাৰ্চক অকলশৰীয়া অৱস্থাত পাই বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্কঃ কাৱৈমাৰী প্ৰথমিক স্বাস্থ্যকেন্দ্ৰত এগৰাকী কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱাৰ এক জঘন্য ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


হাস্পতালখনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নুৰ মহম্মদ নামৰ এজন লম্পটে এগৰাকী নাৰ্চক অকলশৰীয়া অৱস্থাত পাই বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।


প্ৰাপ্ত তথ্যমতে, যোৱা ১ এপ্ৰিল, শুক্ৰবাৰে মাজনিশা হাস্পতালখনত কৰ্তব্য পালন কৰি থকা অৱস্থাত নাৰ্চগৰাকী নৰপিশাচ নুৰ মহম্মদৰ চিকাৰ হয়। নিশাৰ সুযোগ লৈ লম্পটটোৱে নাৰ্চগৰাকীক বলপূৰ্বকভাৱে শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰে। ২ এপ্ৰিলত ভুক্তভোগী নাৰ্চগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে হাস্পতালখনৰ তত্ত্বাৱধায়কক অৱগত কৰে।


হাস্পতাল কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ তৎক্ষণাত উৰ্ধতম কৰ্তৃপক্ষক জনোৱাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইফালে, ভুক্তভোগী নাৰ্চগৰাকীয়ে ৰূপহীহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১২০/২৬ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে। ভাৰতীয় ন্যায় সংহিতাৰ (BNS) ধাৰা ৬৪, ৬২ আৰু ৩৫২-ৰ অধীনত অভিযুক্ত নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে।



আশ্চৰ্যজনকভাৱে, অভিযুক্ত নুৰ মহম্মদৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও অনুৰূপ অভিযোগ উত্থাপন হৈছিল। জানিব পৰা মতে, ইয়াৰ আগতে মোৱামৰী হাস্পতালত কৰ্মৰত অৱস্থাতো এজনী মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ বাবেই তেওঁক তাৰ পৰা খেদি পঠিওৱা হৈছিল। তাৰ পিছতহে তেওঁ কাৱৈমাৰী হাস্পতালত যোগদান কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান