--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসম আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মাজত স্বাক্ষৰিত এক দ্বিপাক্ষিক চুক্তিৰ আধাৰত এই পুনৰসংস্থাপন অভিযান চলাই থকা হৈছে।

ডিজিটেল ডেস্কঃ দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত এক নতুন অধ্যায় সূচনা কৰি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ এতিয়ালৈকে মুত এক দ্বিপাক্ষিক চুক্তিৰ আধাৰত এই পুনৰসংস্থাপন অভিযান চলাই থকাঠ ৮ টাকৈ বনৰীয়া ম’হ প্ৰেৰণ কৰা হৈছে।


অসম আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মাজত স্বাক্ষৰিত এক দ্বিপাক্ষিক চুক্তিৰ আধাৰত এই পুনৰসংস্থাপন অভিযান চলাই থকা হৈছে।


অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত মাজত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰেৰণ কৰা হয় ম'হকেইটা‌।


এই অভিযানৰ প্ৰথম স্তৰত ২৫ এপ্ৰিলৰ দিনা কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ পৰা ৪ টা বনৰীয়া ম’হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হৈছিল।তাৰ পিছত অগৰাতলি বনাঞ্চলৰ পৰা ৬ মে’ৰ পুৱা পুনৰ ৪ টা বনৰীয়া ম’হ প্ৰেৰণ কৰা হয় কানহালৈ।ইয়াকে লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মুঠ ৮ টা বনৰীয়া ম’হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হ’ল ।


৬ মে’ৰ পুৱা অগৰাতলিৰ বনাঞ্চলৰ পৰা ৩ জনী মাইকী আৰু ১ টা মতা বনৰীয়া ম’হ প্ৰেৰণ কৰা হয়। কাজিৰঙাৰ পৰা ৮০/ ৯০ ঘন্টাৰ বাট অতিক্ৰম কৰি এই ম’হ কেইটা গৈ মধ্যপ্ৰদেশৰ কানহা বনাঞ্চলত উপস্থিত হ’বগৈ বুলি DFO অৰুণ ভিগ্নেশে প্ৰকাশ কৰে।অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙাৰ পৰা মুঠ ৫০ টা বনৰীয়া ম’হ মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণৰ কৰাৰ কথা।


এই চুক্তি মতে ৫০ টা ম’হৰ ভিতৰত দুটা পৰ্যায়ত কাজিৰঙাৰ পৰা এতিয়ালৈকে ৮ টাহে বনৰীয়া ম’হ প্ৰেৰণ কৰা হৈছে।পৰৱৰ্তী সময়ত বছৰত ২০ টাকৈ ম’হ কাজিৰঙাত কৰায়ত্ব কৰি মধ্যপ্ৰদেশলৈ প্ৰেৰণ কৰিব অসমৰ বন বিভাগে।কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশে জনোৱা মতে শেহতীয়াকৈ প্ৰেৰণ কৰা ৪ টা ম’হৰ পিছত বাৰিষাৰ বাবে সাময়িকভাৱে কাজিৰঙাত বন্ধ থাকিব ম’হ কৰায়ত্ব কৰাৰ অভিযান।


বুধাবাৰে প্ৰেৰণ কৰা ৪ টা ম’হক কৰায়ত্ব কৰি বিগত ২১ দিনৰ বাবে অগৰাতলি বনাঞ্চলত নিৰীক্ষণৰ বাবে ৰখা হৈছিল। উল্লেখ্য যে যোৱা ২৫ এপ্ৰিলত প্ৰেৰণ কৰা কাজিৰঙাৰ বনৰীয়া ম’হ কেইটা সম্প্ৰতি মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত নিৰীক্ষণত আছে। সম্প্ৰতি অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্যপ্ৰাণী হস্তান্তৰ কৰাৰ স্বাক্ষৰিত চুক্তি অনুসৰী অসমৰ পৰা ৫০ টা বনৰীয়া ম’হ, এহাল গঁড়, তিনিটা ৰজা ফেটী মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰাৰ বিনিময়ত মধ্যপ্ৰদেশে তিনিটা ঢেকীয়াপতীয়া বাঘ,৬ টা ঘড়িয়াল অসমক দিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement