--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে "মইও জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী" শীৰ্ষক অনুষ্ঠান।

ডিজিটেল ডেস্কঃ গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে "মইও জুবিন অনুৰাগী,আমিও জুবিন অনুৰাগী" শীৰ্ষক অনুষ্ঠান। 


জুবিন গাৰ্গৰ ন্যায় সমদলত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়ক অজন্তা নেওগ,সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।


হাতে হাতে প্লেকাৰ্ড লৈ কেইবা শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে এই ন্যায় সমদলত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অধিক ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ , দোষীক কঠোৰ শাস্তি প্ৰদান আৰু ফাষ্টট্ৰেক আদালতত হ'ব লাগে, জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিব লাগে বুলি মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে। 


"ন্যায়ালয়ে জনতাৰ আৱাজ শুনক"," ন্যায়ালয়ে কঠোৰ শাস্তি প্ৰদান কৰিব, অপেক্ষা কৰক" ন্যায়ালয়ে ক্ষীপ্ৰ ন্যায় দিয়ক আদি শ্লোগানেৰে হাতে হাতে প্লেকাৰ্ড লৈ কেইবা শতাধিক বিজেপি কৰ্মীয়ে ন্যায় যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত