--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • খালিংদুৱাৰ বনাঞ্চলৰ অন্তৰ্গত মাজুলী চাহ বাগিছাৰ মাজুলী গ্ৰেণ্টত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ বয়স প্ৰায় ১১ বছৰ ৷

ডিজিটেল ডেস্কঃ  ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। ঘটনাৰ স্থান ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ মাজুলী গ্ৰেণ্ট।


খালিংদুৱাৰ বনাঞ্চলৰ অন্তৰ্গত মাজুলী চাহ বাগিছাৰ মাজুলী গ্ৰেণ্টত মৃত্যু হোৱা বনৰীয়া হাতীটোৰ বয়স প্ৰায় ১১ বছৰ ৷


বনৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।


ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।


ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।


বনৰীয়া হাতীৰ আক্ৰমণত কেতিয়াবা যদি মৃত্যু হৈছে নিৰীহ লোকৰ আন কেতিয়াবা বিভিন্ন কাৰণত মৃত্যু হৈছে বনৰীয়া হাতীৰ ৷


খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি এনেদৰে মৃত্যু হৈ আহিছে বনৰীয়া হাতীৰ।


চলিত বৰ্ষত ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ১০ টাকৈ অধিক বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫ জনকৈ অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে।


সমস্যা সমাধানত ব্যৰ্থ হৈছে বিয়াগোম বন বিভাগ।


ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ১১ বছৰীয়া হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত