--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা ত্রিশ অক্টোবৰত জুবিন ক্ষেত্ৰৰ প্ৰস্তাৱিত ভূমিৰ পৰিসীমাৰ বুজ ল'বলৈ গৰিমা শইকীয়া গার্গসহ সমাধি ক্ষেত্রক লৈ চৰকাৰে গঠন কৰা ১১জনীয়া কমিটীৰ সদস্যসকল সোণাপুৰলৈ গৈছিল।

ডিজিটেল ডেস্ক : জুবিন ক্ষেত্ৰৰ বাবে আৰু মাটি নিদিয়ে চৰকাৰে। কলি এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 


যি সময়ত সমাধি ক্ষেত্ৰক লৈ চৰকাৰে গঠন কৰা ১১জনীয়া কমিটীৰ সদস্যসকলে অত্যাধুনিক ৰূপত জুবিন ক্ষেত্ৰ গঢ়ি তোলাৰ বাবে আৰু অধিক মাটি বিচাৰিছে সেই সময়তে আজি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'জুবিন ক্ষেত্ৰৰ বাবে আমি দহ বিঘা মাটি দিছোঁ। ড° ভূপেন হাজৰিকাৰ সমাধিৰ বাবেও দহ বিঘা দিয়া হৈছিল আৰু জুবিন গাৰ্গৰ বাবেও সমানে দিয়া হৈছে। দুয়োগৰাকীকে আমি মাটি প্রদানত সমতা ৰক্ষা কৰিছোঁ।' 


আনহাতে, জুবিন ক্ষেত্ৰৰ কাষতে মন্ত্ৰী অশোক সিংহলে বৃহৎ পৰিমাণৰ ভূমি দখল কৰা বুলি উত্থাপিত অভিযোগৰ সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অশোক সিংহলৰ মাটি আছে নে নাই মই নাজানো।' আনকি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ সোঁফালে কাৰ মাটি, বাওঁফালে কাৰ মাটি তাৰ খবৰ মুখ্যমন্ত্ৰীয়ে ৰাখিব নেকি বুলি ওলোটাই প্রশ্ন তুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'সেইবোৰ চোৱাটো মোৰ কাম নহয়।' 


উল্লেখযোগ্য যে যোৱা ত্রিশ অক্টোবৰত জুবিন ক্ষেত্ৰৰ প্ৰস্তাৱিত ভূমিৰ পৰিসীমাৰ বুজ ল'বলৈ গৰিমা শইকীয়া গার্গসহ সমাধি ক্ষেত্রক লৈ চৰকাৰে গঠন কৰা ১১জনীয়া কমিটীৰ সদস্যসকল সোণাপুৰলৈ গৈছিল। 


জুবিন ক্ষেত্ৰৰ ভূমিৰ পৰিসীমাৰ বুজ লোৱাৰ পাছত সাংবাদিকৰ আগত গৰিমা শইকীয়া গার্গে কয়, 'জুবিন ক্ষেত্রক আমি এখন সমাধি ক্ষেত্ৰ কৰিব বিচৰা নাই। জুবিন ক্ষেত্র হওক অভিজ্ঞতাৰ ক্ষেত্র, য'ত জুবিনৰ সকলো সৃষ্টিৰাজি থাকিব, ইয়াত এটা মিউজিয়াম হওক। জুবিনে ইয়াত সাংস্কৃতিক আৰু প্ৰাকৃতিক দুয়োটা দিশতে জীয়াই থাকিব। এই স্থানত তেওঁৰ আত্মাৰ প্ৰতিফলন হ'ব।' 


আনহাতে, জুবিন ক্ষেত্ৰৰ ভূমিৰ পৰিসৰ অলপ ডাঙৰ হ'লে ভাল আছিল বুলি উল্লেখ কৰি শইকীয়া গার্গে কয়, '১০ বিঘা ভূমি জুবিন ক্ষেত্ৰৰ বাবে কম হ'ব, ইয়াত প্রায় ৩০ৰ পৰা ৪০ বিঘা ভূমিৰ প্ৰয়োজন হ'ব।' আনহাতে, জুবিন ক্ষেত্ৰৰ ওচৰত যেন কোনোধৰণৰ ৰিজ'ৰ্ট বা অন্যান্য বাণিজ্যিক নিৰ্মাণৰ কাম যাতে নহয় তাৰ বাবেও আহবান জনাইছিল গৰিমা গার্গে। 


পিছে গৰিমা গাৰ্গৰ এই আহবানৰ পাছত কালি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিল যে অসম চৰকাৰে জুবিন ক্ষেত্ৰৰ বাবে দহ বিঘাতকৈ আৰু অধিক মাটি নিদিয়ে। 


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা