--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ জেৰাত চোৰ দুটাই স্বীকাৰ কৰা মতে, তেওঁলোকে চুৰি কৰা সামগ্ৰীসমূহ মেলেকাধিং গাঁৱৰ ইছতাক হুছেইন নামৰ এজন বেপাৰীৰ হাতত বিক্ৰী কৰিছিল।

ডিজিটেল ডেস্কঃ ধিঙৰ ডুমডুমীয়া আৰক্ষী আৰু জুৰীয়া আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ দুই গভাইত চোৰ। এক গোপন খবৰৰ ভিত্তিত ডুমডুমীয়া আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত ডুমডুমীয়াৰ বলিকটীয়াৰ পৰা গভাইত চোৰ জয়নাল আবেদিন আৰু আৰু ৰফিকুল ইছলামক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।


আৰক্ষীৰ জেৰাত চোৰ দুটাই স্বীকাৰ কৰা মতে, তেওঁলোকে চুৰি কৰা সামগ্ৰীসমূহ মেলেকাধিং গাঁৱৰ ইছতাক হুছেইন নামৰ এজন বেপাৰীৰ হাতত বিক্ৰী কৰিছিল। সেই অনুসৰি আৰক্ষীয়ে ইছতাক হুছেইনৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।


আৰক্ষীয়ে উদ্ধাৰ কৰা চুৰি সামগ্ৰীসমূহ হৈছে - মন্দিৰত দিয়া ষ্টীলৰ এটা ষ্টেণ্ড, পিতলৰ চামুচ ১১খন, পিতলৰ ষ্টেণ্ড দুটা, পিতলৰ বাল্টি এটা, পিতলৰ পূজাৰ কলসী সাতটা, এটা বানবাতি, দুটা পিতলৰ বাটি, এটা বেতেল বাটি, দুখন পূজাৰ থাল, পিতলৰ ২টা সৰু বাটি, পিতলৰ ৬টা কঁচা লোটা, এখন  সৰু মন্দিৰৰ থাল আৰু ২খন চিলিং ফেন । বৰ্তমান গভাইত চোৰ দুটাক আৰক্ষীয়ে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত