--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই উপলক্ষে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত বিভিন্ন বিদ্যালয়/মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আখৰাত ব্যস্ত হৈ পৰিছে।

ডিজিটেল ডেস্কঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ চতুদৰ্শ মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত হ'বলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰিব সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে…।


এই উপলক্ষে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ খেলপথাৰত বিভিন্ন বিদ্যালয়/মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আখৰাত ব্যস্ত হৈ পৰিছে। 


সকলোৱে সমস্বৰে গাইছে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে…।


এই সন্দৰ্ভত এক সংবাদমেলত সম্বোধন কৰি কোকৰাঝাৰ জিলা আয়ুক্ত মাছান্দা এম পাৰ্টিনে কয় যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সতে সংগতি ৰাখি মানুহে মানুহৰ বাবে গীতেৰে এক মানৱ শৃংখল কাৰ্যসূচীও হাতত লোৱা হৈছে। 


কাইলৈৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিশিষ্ট অতিথি হিচাপে উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকিব । 


আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বিজ্ঞান মহাবিদ্যালয় আদিকে ধৰি আন কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ একেলগে গাব মানুহে মানুহৰ বাবে…






FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত