--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এইবাৰ কামৰূপ জিলাৰ কৰৈবাৰী নিবাসী বিমলা ডেকালৈ স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি সফল মাতৃ বঁটা আগবঢ়োৱা হৈছে।

ডিজিটেল ডেস্কঃ আজি গুগল মীট যোগে বিয়লি ৫.৩০ বজাত অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা পদুমী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। 


সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি সৰ্বসন্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম লেখিকা সমাজে প্ৰতি বছৰে এগৰাকী সফল মাতৃক স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি ' সফল মাতৃ বঁটা' প্ৰদান কৰি আহিছে। এইবাৰ কামৰূপ জিলাৰ কৰৈবাৰী নিবাসী বিমলা ডেকালৈ স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি সফল মাতৃ বঁটা আগবঢ়োৱা হৈছে। 


হৰেন্দ্ৰ নাথ ডেকাৰ পত্নী বিমলা ডেকা সঁচা অৰ্থতে এগৰাকী সফল মাতৃ। পৰিয়ালৰ সূত্ৰই জনোৱা মতে পুত্ৰ-পুত্ৰী,নাতি-নাতিনীলৈকে পৰিয়ালটো জাকতজিলিকা হৈ উঠা আঁৰৰ মানুহ গৰাকী হৈছে বিমলা ডেকা। অহা ১০ মে ২০২৬ তাৰিখ,দেওবাৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ জিলা লেখিকা সমাজৰ সহযোগত কেন্দ্ৰীয়ভাৱে কামৰূপ জিলাৰ ৰঙিয়াস্থিত হৰদত্ত বীৰদত্ত ভৱনৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃ দিৱস উদ্যাপিত হ'ব আৰু এই দিৱস উদযাপনৰ মুকলি সভাতে ওপৰোল্লিখিত বঁটাৰে বিমলা ডেকাক সন্মানিত কৰা হ'ব। 


বিমলা ডেকাৰ লগতে কামৰূপ জিলাৰ আন তেৰ গৰাকী মাতৃক প্রেৰণাময়ী মাতৃ বঁটাৰে সন্মানিত কৰা হ'ব। তেওঁলোক যথাক্রমে জয়মতী দেৱী,প্ৰভা ডেকা,তৰুলতা দেৱী,লাৱণ্য বালা দাস,নিৰুপমা শইকীয়া,অৰুণা গোস্বামী,চৈয়দা চুফিয়া বেগম,ৰেণুশ্ৰী লহকৰ,হীৰা লহকৰ,গুণেশ্বৰী লহকৰ,ববিতা কলিতা,লাৱণ্য শইকীয়া আৰু মনোৰমা দাস। 


মুকলি সভাতে কাৰৰূপ জিলা লেখিকা সমাজৰ মুখপত্র ‘জিকেৰি’,সৱিতা বৰ্মনৰ কাব্যগ্ৰন্থ ‘ৰ'দৰ আশা' আৰু মামনি লহকৰৰ কাব্য গ্রন্থ ‘অনামী সুবাস' উন্মোচন কৰা হ'ব। আজিৰ সভাত অসম লেখিকা সমাজে প্ৰকাশ কৰিব লগীয়া ‘অসমৰ বৰেণ্য নাৰী' জীৱনী মালাৰ প্ৰথম খণ্ড ধেমাজি জিলা লেখিকা সমাজৰ সহযোগত অনুষ্ঠিত হ'ব লগীয়া মাটি-মানুহ- সমন্বয় দিৱসত উন্মোচিত কৰাৰ সম্বন্ধে আলোচনা কৰা হয়। সমজুৱা দুৱাষাৰৰ পাছত শলাগৰ শৰাইৰে সামৰণি পৰা সভাখন আঁত ধৰে প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰাই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত