--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এইবাৰ কামৰূপ জিলাৰ কৰৈবাৰী নিবাসী বিমলা ডেকালৈ স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি সফল মাতৃ বঁটা আগবঢ়োৱা হৈছে।

ডিজিটেল ডেস্কঃ আজি গুগল মীট যোগে বিয়লি ৫.৩০ বজাত অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা পদুমী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। 


সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি সৰ্বসন্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম লেখিকা সমাজে প্ৰতি বছৰে এগৰাকী সফল মাতৃক স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি ' সফল মাতৃ বঁটা' প্ৰদান কৰি আহিছে। এইবাৰ কামৰূপ জিলাৰ কৰৈবাৰী নিবাসী বিমলা ডেকালৈ স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি সফল মাতৃ বঁটা আগবঢ়োৱা হৈছে। 


হৰেন্দ্ৰ নাথ ডেকাৰ পত্নী বিমলা ডেকা সঁচা অৰ্থতে এগৰাকী সফল মাতৃ। পৰিয়ালৰ সূত্ৰই জনোৱা মতে পুত্ৰ-পুত্ৰী,নাতি-নাতিনীলৈকে পৰিয়ালটো জাকতজিলিকা হৈ উঠা আঁৰৰ মানুহ গৰাকী হৈছে বিমলা ডেকা। অহা ১০ মে ২০২৬ তাৰিখ,দেওবাৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ জিলা লেখিকা সমাজৰ সহযোগত কেন্দ্ৰীয়ভাৱে কামৰূপ জিলাৰ ৰঙিয়াস্থিত হৰদত্ত বীৰদত্ত ভৱনৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক মাতৃ দিৱস উদ্যাপিত হ'ব আৰু এই দিৱস উদযাপনৰ মুকলি সভাতে ওপৰোল্লিখিত বঁটাৰে বিমলা ডেকাক সন্মানিত কৰা হ'ব। 


বিমলা ডেকাৰ লগতে কামৰূপ জিলাৰ আন তেৰ গৰাকী মাতৃক প্রেৰণাময়ী মাতৃ বঁটাৰে সন্মানিত কৰা হ'ব। তেওঁলোক যথাক্রমে জয়মতী দেৱী,প্ৰভা ডেকা,তৰুলতা দেৱী,লাৱণ্য বালা দাস,নিৰুপমা শইকীয়া,অৰুণা গোস্বামী,চৈয়দা চুফিয়া বেগম,ৰেণুশ্ৰী লহকৰ,হীৰা লহকৰ,গুণেশ্বৰী লহকৰ,ববিতা কলিতা,লাৱণ্য শইকীয়া আৰু মনোৰমা দাস। 


মুকলি সভাতে কাৰৰূপ জিলা লেখিকা সমাজৰ মুখপত্র ‘জিকেৰি’,সৱিতা বৰ্মনৰ কাব্যগ্ৰন্থ ‘ৰ'দৰ আশা' আৰু মামনি লহকৰৰ কাব্য গ্রন্থ ‘অনামী সুবাস' উন্মোচন কৰা হ'ব। আজিৰ সভাত অসম লেখিকা সমাজে প্ৰকাশ কৰিব লগীয়া ‘অসমৰ বৰেণ্য নাৰী' জীৱনী মালাৰ প্ৰথম খণ্ড ধেমাজি জিলা লেখিকা সমাজৰ সহযোগত অনুষ্ঠিত হ'ব লগীয়া মাটি-মানুহ- সমন্বয় দিৱসত উন্মোচিত কৰাৰ সম্বন্ধে আলোচনা কৰা হয়। সমজুৱা দুৱাষাৰৰ পাছত শলাগৰ শৰাইৰে সামৰণি পৰা সভাখন আঁত ধৰে প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰাই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান