--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্য অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, নির্দিষ্ট বক্তা হিচাপে পদ্মশ্রী ড° উদ্ধৱ কুমাৰ ভৰালী আদিয়ে অংশগ্ৰহণ কৰিব।

ডিজিটেল ডেস্ক: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিয়ে একাদশ বাৰ্ষিক 'বৃহত্তৰ গোগামুখ বহাগী উৎসৱ ২০২৬' বিহুখনি এইবাৰ পি এম চি গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিব। 

অহা ৪ আৰু ৫ মে'ত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া বিহুৰ ৪ মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, শ্বহীদ তর্পণ, গছপুলি ৰোপণ, টেকেলী ভঙা আৰু কণী যুঁজ, সৰু বিহুৱতী, টকা বিহু, বৰ বিহুৱতী আদি অনুষ্ঠিত হ'ব। অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। হুঁচৰি, মুকলি সভা, সম্বর্ধনা আৰু বঁটা অনুষ্ঠানত সোৱণশিৰি পৰীয়া মানৱ দৰদী বঁটা প্রদান কৰিব অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক। 

মুখ্য অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, নির্দিষ্ট বক্তা হিচাপে পদ্মশ্রী ড° উদ্ধৱ কুমাৰ ভৰালী আদিয়ে অংশগ্ৰহণ কৰিব। বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশগ্ৰহণ কৰিব স্নিগ্ধা গগৈ, কৌশিক ভৰদ্বাজে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ