--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পৰ্যটনস্থলসমূহ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) অধীনত বিশ্ব মানৰ আকৰ্ষণীয় স্থল ৰূপে উন্নত কৰাৰ কাম কৰি থকা হৈছে।

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে বুলি কৈ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুকুৰবাৰে কয় যে তেওঁৰ মন্ত্রালয়ে ৮খন প্রতিষ্ঠিত পর্যটন ক্ষেত্ৰ চিনাক্ত কৰিছে আৰু এইকেইখনক বিশ্ব মানৰ পৰ্যটন ক্ষেত্র ৰূপে গঢ়ি তোলা হ'ব। 


তেওঁ কয়, 'একত্রিত 'ব্রেন্ড নর্থ-ইষ্ট' কৌশলৰ যোগেদি ম্যালয়ে উত্তৰ-পূৰ্বাঞ্চলক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক লক্ষ্যস্থললৈ উন্নীত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। প্ৰতিখন ৰাজ্যৰে নিজৰ একক উৎপাদন আৰু অভিজ্ঞতা আছে। যেনে- অসমৰ মুগা-পাট, মেঘালয়ৰ লাকাডং হালধি, মণিপুৰৰ প'ল', ছিকিমৰ জৈৱ কৃষি আৰু ত্ৰিপুৰাৰ কুইন পাইনএপল (মাটিকঁঠাল)।' তেওঁ জনায় যে আঠখন আইকনিক পর্যটনস্থলৰ ভিতৰত আছে অসমৰ কাজিৰঙা, অৰুণাচলৰ জিৰো, মেঘালয়ৰ ছোহৰা, মিজোৰামৰ থেনজল, ত্ৰিপুৰাৰ মাতাবাড়ী, নগালেণ্ডৰ কিছমা, ছিকিমৰ নামচী আৰু মণিপুৰৰ মৈৰাং। 


এই পৰ্যটনস্থলসমূহ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) অধীনত বিশ্ব মানৰ আকৰ্ষণীয় স্থল ৰূপে উন্নত কৰাৰ কাম কৰি থকা হৈছে।' সিন্ধিয়াই আৰু জনায় যে আঠজন মুখ্যমন্ত্রী, আঠজন কেন্দ্রীয় মন্ত্রী, শতাধিক ৰাষ্ট্রদূত আৰু ১০৮টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অংশগ্রহণেৰে এই বছৰ মে'ত অনুষ্ঠিত 'ৰাইজিং নর্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট'ৰ সময়ত ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগ পোৱা গৈছিল। তেওঁ আৰু কয়, 'বাঁহ খণ্ডত ১২৬.৭ কোটি টকা মূল্যৰ ২২টা প্ৰকল্প লোৱা হৈছে, ২,৫৮৭জন হস্তশিল্পীক প্রশিক্ষণ দিয়া হৈছে আৰু এমাজনৰ সৈতে সংযোগ থকা বজাৰৰ সুবিধা দিয়া হৈছে।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ