--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই পৰ্যটনস্থলসমূহ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) অধীনত বিশ্ব মানৰ আকৰ্ষণীয় স্থল ৰূপে উন্নত কৰাৰ কাম কৰি থকা হৈছে।

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে বুলি কৈ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুকুৰবাৰে কয় যে তেওঁৰ মন্ত্রালয়ে ৮খন প্রতিষ্ঠিত পর্যটন ক্ষেত্ৰ চিনাক্ত কৰিছে আৰু এইকেইখনক বিশ্ব মানৰ পৰ্যটন ক্ষেত্র ৰূপে গঢ়ি তোলা হ'ব। 


তেওঁ কয়, 'একত্রিত 'ব্রেন্ড নর্থ-ইষ্ট' কৌশলৰ যোগেদি ম্যালয়ে উত্তৰ-পূৰ্বাঞ্চলক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক লক্ষ্যস্থললৈ উন্নীত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। প্ৰতিখন ৰাজ্যৰে নিজৰ একক উৎপাদন আৰু অভিজ্ঞতা আছে। যেনে- অসমৰ মুগা-পাট, মেঘালয়ৰ লাকাডং হালধি, মণিপুৰৰ প'ল', ছিকিমৰ জৈৱ কৃষি আৰু ত্ৰিপুৰাৰ কুইন পাইনএপল (মাটিকঁঠাল)।' তেওঁ জনায় যে আঠখন আইকনিক পর্যটনস্থলৰ ভিতৰত আছে অসমৰ কাজিৰঙা, অৰুণাচলৰ জিৰো, মেঘালয়ৰ ছোহৰা, মিজোৰামৰ থেনজল, ত্ৰিপুৰাৰ মাতাবাড়ী, নগালেণ্ডৰ কিছমা, ছিকিমৰ নামচী আৰু মণিপুৰৰ মৈৰাং। 


এই পৰ্যটনস্থলসমূহ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) অধীনত বিশ্ব মানৰ আকৰ্ষণীয় স্থল ৰূপে উন্নত কৰাৰ কাম কৰি থকা হৈছে।' সিন্ধিয়াই আৰু জনায় যে আঠজন মুখ্যমন্ত্রী, আঠজন কেন্দ্রীয় মন্ত্রী, শতাধিক ৰাষ্ট্রদূত আৰু ১০৮টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অংশগ্রহণেৰে এই বছৰ মে'ত অনুষ্ঠিত 'ৰাইজিং নর্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিট'ৰ সময়ত ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগ পোৱা গৈছিল। তেওঁ আৰু কয়, 'বাঁহ খণ্ডত ১২৬.৭ কোটি টকা মূল্যৰ ২২টা প্ৰকল্প লোৱা হৈছে, ২,৫৮৭জন হস্তশিল্পীক প্রশিক্ষণ দিয়া হৈছে আৰু এমাজনৰ সৈতে সংযোগ থকা বজাৰৰ সুবিধা দিয়া হৈছে।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত