--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কিউ আই ৪০০ৰ পাৰ হ'লে বায়ু প্ৰদূষণে গুৰুতৰ ৰূপ লোৱা বুলি কোৱা হয়। এনে পৰিস্থিতিত উশাহ লোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনক।

ডিজিটেল ডেস্ক : দিল্লীত দীপাৱলীত বায়ু প্রদূষণে কালি ভয়াৱহ ৰূপ লয়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত যোৱা এসপ্তাহে প্ৰদূষণে গুৰুতৰ ৰূপ লৈছে। কালি পৰিস্থিতিৰ অধিক অৱনতি ঘটে আৰু এয়াৰ কোৱালিটী ইণ্ডেক্স (এ কিউ আই) ৪০০ৰ অধিক হয়গৈ। 


উল্লেখযোগ্য যে এ কিউ আই ৪০০ৰ পাৰ হ'লে বায়ু প্ৰদূষণে গুৰুতৰ ৰূপ লোৱা বুলি কোৱা হয়। এনে পৰিস্থিতিত উশাহ লোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। ইফালে বায়ু প্রদূষণে ভয়াৱহ ৰূপ লোৱাৰ পাছত এয়াৰ কোৱালিটী মেনেজমেন্ট কমিছনৰ (চি এ কিউ এম) গ্রেডেড ৰেছপন্স একশ্যন প্লেনৰ (গ্রেপ) উপ-কমিটীৰ জৰুৰী বৈঠক আহ্বান জনোৱা হয়। বৈঠকত দিল্লীত গ্রেপ-২ প্রযোজ্য কৰি অধীনত ১২ দফীয়া কর্ম আঁচনি ঘোষণা কৰা হয়। 


কেন্দ্ৰীয় প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ প্ৰতিবেদন মতে কালি দিল্লীৰ বায়ুৰ মান অতি নিম্ন মানৰ আছিল। দিল্লীৰ আনন্দ বিহাৰত এ কিউ আই ৪১৭, নতুন দিল্লীক ৩৬৭ পোৱা হয়। চি এ কিউ এমে দিল্লীৰ জনসাধাৰণক ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ আৰু ব্যক্তিগত যান-বাহনৰ ব্যৱহাৰ যিমান পাৰি হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। 


ইয়াৰ লগতে ভিৰ নথকা পথ বাছনি কৰিবলৈ, নিজৰ বাহনৰ এয়াৰ ফিল্টাৰ নিয়মীয়াকৈ সলনি কৰা আৰু ধূলি উৰিব পৰা নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ আহবান জনাইছে। ইয়াৰ উপৰি দিল্লীৰ পথসমূহ মেচিনেৰে পৰিষ্কাৰ কৰা (ভেকুৱাম ছুইপিং) আৰু পানী ছটিওৱা, ডিজেলৰ জেনেৰেটৰৰ ব্যৱহাৰ কমোৱাৰ বাবে বিদ্যুতৰ যোগান নিয়মীয়া কৰা, যান-জঁট প্রতিহত কৰাৰ কাৰণে পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰা তথা আৰক্ষী মোতায়েন কৰা, জনসজাগতা অভিযান চলোৱাৰ দৰে ব্যৱস্থা গ্ৰহণৰ কৰা হৈছে। 


ইফালে দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ সময়তে যমুনা নদীত বিষাক্ত ফেনৰ তৰপে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে। দেওবাৰে আৰু কালি কালিন্দি কুঞ্জ এলেকাত যমুনাত বগা ফেনৰ ডাঠ তৰপ দেখা পোৱা গৈছে। ইফালে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত দুই-এদিনৰ ভিতৰত কৃত্ৰিম বৰষুণৰ প্ৰস্তুতি চলোৱা হৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী ননজিন্দৰ সিং ছিৰছাই এই কথা প্রকাশ কৰে। বতৰ বিজ্ঞান বিভাগৰ অনুমতি পালেই দিল্লীত কৃত্ৰিম বৰষুণ হ'ব বুলি তেওঁ কয়। উল্লেখযোগ্য যে দিল্লীত দীপাৱলীত সেউজ ফটকা ফুটোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে অনুমতি দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ