--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে নিশা কাছাৰৰ লক্ষীপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পয়লাপুল অঞ্চলৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম শেখৰ আচার্য।

ডিজেটেল ডেস্কঃ ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষী। চিকিৎসা ব্যৱস্থাক ধ্বংস কৰি ৰোগীৰ জীৱনৰ সৈতে খেলি থকা ভুৱা চিকিৎসকৰ বিৰুদ্ধে পুনৰ এক সফল অভিযান চলাইছে কাছাৰ আৰক্ষীয়ে।



বুধবাৰে নিশা কাছাৰৰ লক্ষীপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পয়লাপুল অঞ্চলৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰে। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম শেখৰ আচার্য।


অভিযোগ, বৈধ নথিপত্ৰ বা চিকিৎসা যোগ্যতা নথকা অৱস্থাতেই নিজৰ ঘৰতে ৰোগীৰ চিকিৎসা চলাই আছিল তেওঁ। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বিভিন্ন চিকিৎসা নথি, ঔষধ আৰু চিকিৎসা সামগ্ৰী। লগতে পোৱা গৈছে “ইণ্ডিয়ান কাউন্সিল অৱ অল্টাৰনেটিভ মেডিছিনছ”ৰ এটা সন্দেহজনক প্ৰমাণপত্ৰ । এই গ্ৰেপ্তাৰৰ সৈতে জিলাত এতিয়ালৈকে ভুয়া চিকিৎসকৰ সংখ্যা ১৮।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post