--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৩ চনৰ ২৪অক্টোবৰত নিৰুদ্দেশ হোৱা ৰশ্মি শ্বাহক আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম নহ'ল অসম আৰক্ষী৷

ডিজিটেল ডেস্কঃ আৰক্ষী প্ৰশাসনে কনিষ্ঠ কন্যাৰ সন্ধান উলিয়াব নোৱাৰিলে থানাৰ সন্মুখতে আত্মহত্যাৰ ভাবুকি মাতৃৰ৷


২০২৩ চনৰ ২৪অক্টোবৰত নিৰুদ্দেশ হোৱা ৰশ্মি শ্বাহক আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম নহ'ল অসম আৰক্ষী৷


তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত ৰুপাইৰ ATB PN কেম্পৰ সন্মুখৰ এখন পূজা মণ্ডপত ২০২৩ চনৰ ২৪অক্টোবৰত ৰাতিপুৱা খেলিবলৈ যাওঁতে নিৰুদ্দেশ হয় মদন শ্বাহ আৰু সীমা দেৱীৰ চাৰে আঠ বছৰীয়া কন্যা সন্তান ৰশ্মি শ্বাহ ৷ সেইসময়ত অসমৰ জাতীয় সংগঠন আছু যুৱ-ছাত্ৰ পৰিষদ আৰু আন আন দল সংগঠনৰ দ্বাৰা ৰশ্মি শ্বাহ নিৰুদ্দেশ হোৱা সন্দৰ্ভত পথ অৱৰোধকে ধৰি বৃহৎ বৃহৎ আন্দোলন গঢ় লৈ উঠিছিল৷ 


সেই সময়ত সন্দেহ বশতঃ শিবু থাপা নামৰ এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰি সোধ-পোছ কৰি যুৱকজনক এৰি দিছিল৷ এতিয়া মাতৃৰ অভিযোগ এটাই ৰশ্মিক শিবু থাপাই কৰিছে অপহৰণ৷ শিবু থাপাক গ্ৰেপ্তাৰ কৰিলেই সকলো কথা ওলাই পৰিব৷ 


মাতৃৰ আন এক বিস্ফোৰণ যে, এই অপহৰণ কাণ্ডটোৰ পিছতেই ঘৰ এৰি অৰুণাচলত বসবাস কৰে শিবু থাপা নামৰ অভিযুক্তটোৱে৷ ৰশ্মি শ্বাহৰ মাতৃয়ে কন্যাৰ ন্যায় নোপোৱা পৰ্যন্ত ডুমডুমা থানাৰ সন্মুখত ধৰ্ণা দিব অথবা নিজৰ জীৱন ত্যাগ দিব আৰু এই সমগ্ৰ ঘটনাটোৰ বাবে দায়ী হ'ব আৰক্ষী প্ৰশাসন আৰু মুখ্যমন্ত্ৰী বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত