--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২৩ চনৰ ২৪অক্টোবৰত নিৰুদ্দেশ হোৱা ৰশ্মি শ্বাহক আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম নহ'ল অসম আৰক্ষী৷

ডিজিটেল ডেস্কঃ আৰক্ষী প্ৰশাসনে কনিষ্ঠ কন্যাৰ সন্ধান উলিয়াব নোৱাৰিলে থানাৰ সন্মুখতে আত্মহত্যাৰ ভাবুকি মাতৃৰ৷


২০২৩ চনৰ ২৪অক্টোবৰত নিৰুদ্দেশ হোৱা ৰশ্মি শ্বাহক আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম নহ'ল অসম আৰক্ষী৷


তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত ৰুপাইৰ ATB PN কেম্পৰ সন্মুখৰ এখন পূজা মণ্ডপত ২০২৩ চনৰ ২৪অক্টোবৰত ৰাতিপুৱা খেলিবলৈ যাওঁতে নিৰুদ্দেশ হয় মদন শ্বাহ আৰু সীমা দেৱীৰ চাৰে আঠ বছৰীয়া কন্যা সন্তান ৰশ্মি শ্বাহ ৷ সেইসময়ত অসমৰ জাতীয় সংগঠন আছু যুৱ-ছাত্ৰ পৰিষদ আৰু আন আন দল সংগঠনৰ দ্বাৰা ৰশ্মি শ্বাহ নিৰুদ্দেশ হোৱা সন্দৰ্ভত পথ অৱৰোধকে ধৰি বৃহৎ বৃহৎ আন্দোলন গঢ় লৈ উঠিছিল৷ 


সেই সময়ত সন্দেহ বশতঃ শিবু থাপা নামৰ এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰি সোধ-পোছ কৰি যুৱকজনক এৰি দিছিল৷ এতিয়া মাতৃৰ অভিযোগ এটাই ৰশ্মিক শিবু থাপাই কৰিছে অপহৰণ৷ শিবু থাপাক গ্ৰেপ্তাৰ কৰিলেই সকলো কথা ওলাই পৰিব৷ 


মাতৃৰ আন এক বিস্ফোৰণ যে, এই অপহৰণ কাণ্ডটোৰ পিছতেই ঘৰ এৰি অৰুণাচলত বসবাস কৰে শিবু থাপা নামৰ অভিযুক্তটোৱে৷ ৰশ্মি শ্বাহৰ মাতৃয়ে কন্যাৰ ন্যায় নোপোৱা পৰ্যন্ত ডুমডুমা থানাৰ সন্মুখত ধৰ্ণা দিব অথবা নিজৰ জীৱন ত্যাগ দিব আৰু এই সমগ্ৰ ঘটনাটোৰ বাবে দায়ী হ'ব আৰক্ষী প্ৰশাসন আৰু মুখ্যমন্ত্ৰী বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা