--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ধুমুহাৰ তাণ্ডৱত সমগ্ৰ অঞ্চলটোৰ জনজীৱন বিধ্বস্ত হৈ পৰাৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে।

ডিজিটেল ডেস্কঃ দেৰগাঁৱত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ। অকস্মাৎ অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণে দেৰগাঁৱৰ উত্তৰাঞ্চলৰ বিভিন্ন প্ৰান্তত এক বিনাশী ৰূপ ধাৰণ কৰিছে।


ধুমুহাৰ তাণ্ডৱত সমগ্ৰ অঞ্চলটোৰ জনজীৱন বিধ্বস্ত হৈ পৰাৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে। ​ধুমুহাৰ ফলত বিভিন্ন স্থানত প্ৰকাণ্ড গছ উভালি পথৰ ওপৰত পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।


ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ লগতে তাঁৰ ছিঙি পৰাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।বহু লোকৰ বাসগৃহৰ ওপৰত গছ পৰিছে আৰু বহুঘৰৰ টিন-পাত উৰুৱাই নিয়াৰ ফলত পৰিয়ালসমূহ বিপাঙত পৰিছে।


​দেৰগাঁৱৰ উত্তৰ অংশ ব্ৰহ্মপুত্ৰ পাৰৰ সদাৰ, চিৰিশটিকা, লেমচাপৰি আৰু বাঘবাৰী আদি মিচিং গাঁৱত ধুমুহাই আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা ক্ষয়-ক্ষতিৰ বুজ লৈ ভুক্তভোগী ৰাইজক অতি সোনকালে সাহায্য প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে কাতৰ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত