--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এইবাৰৰ বিধানসভা নির্বাচনত মহিলা প্রার্থী আছিল ৫৯ গৰাকী। তেওঁলোকৰ মাজৰ পৰা বিজেপিৰ চাৰিগৰাকী, অগপ, বি পি এফ আৰু কংগ্ৰেছৰ এগৰাকীকৈ মহিলা প্রার্থী নির্বাচিত হৈছে।

ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণক লৈ বিতর্ক চলি থকাৰ সময়ত অসমৰ ১২৬ জনীয়া বিধানসভাত এইবাৰ মহিলাৰ প্রতিনিধিত্ব থাকিব মাত্র ৭ গৰাকী। অৰ্থাৎ মহিলা বিধায়কৰ প্ৰতিনিধিত্ব থাকিব মাত্র ৫.৫৫ শতাংশ।



এইবাৰৰ বিধানসভা নির্বাচনত মহিলা প্রার্থী আছিল ৫৯ গৰাকী। তেওঁলোকৰ মাজৰ পৰা বিজেপিৰ চাৰিগৰাকী, অগপ, বি পি এফ আৰু কংগ্ৰেছৰ এগৰাকীকৈ মহিলা প্রার্থী নির্বাচিত হৈছে। 


উল্লেখযোগ্য যে বিজেপিয়ে প্রক্ষেপ কৰা ৯০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা আছিল মাত্র ৫ গৰাকী। তেওঁলোকৰ মাজৰ পৰা চাৰিগৰাকী ক্ৰমে গোলাঘাটত অজন্তা নেওগ, হাফলঙত ৰূপালী লাংঠাছা, মঙলদৈত নীলিমা দেৱী, ডিফুত নিছ' টেৰণপী নির্বাচিত হয়। ইফালে কংগ্ৰেছৰ মুঠ ৯৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্রার্থী আছিল ১০ গৰাকী। তেওঁলোকৰ মাজৰ পৰা মাত্ৰ এগৰাকী ধুবুৰীত বেবী বেগম নির্বাচিত হয়। 


ইফালে বিজেপিৰ মিত্ৰদল অগপই প্রতিদ্বন্দ্বিতাত নমা ২৯ সমষ্টিৰ ভিতৰত বঙাইগাঁৱত প্রার্থিত্ব দিয়া দীপ্তিময়ী চৌধুৰী আৰু বি পি এফৰ মুঠ ১১ প্ৰাৰ্থীৰ ভিতৰত প্ৰতিদ্বন্দ্বিতাত নমা একমাত্র মহিলা প্রার্থী শিউলী ব্রহ্ম নির্বাচিত হৈছে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এগৰাকীকৈ, ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছে দুগৰাকীকৈ ২৩ মহিলা প্রার্থীক থিয় কৰাইছিল যদিও দলকেইটাৰ কোনো মহিলা প্রার্থী নির্বাচিত নহ'ল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান