--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এইবাৰৰ বিধানসভা নির্বাচনত মহিলা প্রার্থী আছিল ৫৯ গৰাকী। তেওঁলোকৰ মাজৰ পৰা বিজেপিৰ চাৰিগৰাকী, অগপ, বি পি এফ আৰু কংগ্ৰেছৰ এগৰাকীকৈ মহিলা প্রার্থী নির্বাচিত হৈছে।

ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণক লৈ বিতর্ক চলি থকাৰ সময়ত অসমৰ ১২৬ জনীয়া বিধানসভাত এইবাৰ মহিলাৰ প্রতিনিধিত্ব থাকিব মাত্র ৭ গৰাকী। অৰ্থাৎ মহিলা বিধায়কৰ প্ৰতিনিধিত্ব থাকিব মাত্র ৫.৫৫ শতাংশ।



এইবাৰৰ বিধানসভা নির্বাচনত মহিলা প্রার্থী আছিল ৫৯ গৰাকী। তেওঁলোকৰ মাজৰ পৰা বিজেপিৰ চাৰিগৰাকী, অগপ, বি পি এফ আৰু কংগ্ৰেছৰ এগৰাকীকৈ মহিলা প্রার্থী নির্বাচিত হৈছে। 


উল্লেখযোগ্য যে বিজেপিয়ে প্রক্ষেপ কৰা ৯০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা আছিল মাত্র ৫ গৰাকী। তেওঁলোকৰ মাজৰ পৰা চাৰিগৰাকী ক্ৰমে গোলাঘাটত অজন্তা নেওগ, হাফলঙত ৰূপালী লাংঠাছা, মঙলদৈত নীলিমা দেৱী, ডিফুত নিছ' টেৰণপী নির্বাচিত হয়। ইফালে কংগ্ৰেছৰ মুঠ ৯৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্রার্থী আছিল ১০ গৰাকী। তেওঁলোকৰ মাজৰ পৰা মাত্ৰ এগৰাকী ধুবুৰীত বেবী বেগম নির্বাচিত হয়। 


ইফালে বিজেপিৰ মিত্ৰদল অগপই প্রতিদ্বন্দ্বিতাত নমা ২৯ সমষ্টিৰ ভিতৰত বঙাইগাঁৱত প্রার্থিত্ব দিয়া দীপ্তিময়ী চৌধুৰী আৰু বি পি এফৰ মুঠ ১১ প্ৰাৰ্থীৰ ভিতৰত প্ৰতিদ্বন্দ্বিতাত নমা একমাত্র মহিলা প্রার্থী শিউলী ব্রহ্ম নির্বাচিত হৈছে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এগৰাকীকৈ, ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছে দুগৰাকীকৈ ২৩ মহিলা প্রার্থীক থিয় কৰাইছিল যদিও দলকেইটাৰ কোনো মহিলা প্রার্থী নির্বাচিত নহ'ল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত