--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুৰ্বল জীৱনশৈলী আৰু ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন। এইক্ষেত্ৰত যোগৰ প্ৰয়োজনীয়তা অভূতপূৰ্ব বুলিব পাৰি।

ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী আৰু ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন। এইক্ষেত্ৰত যোগৰ প্ৰয়োজনীয়তা অভূতপূৰ্ব বুলিব পাৰি। সেয়েহে ব্যস্তভৰাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান। এই সম্পৰ্কে কিছু কথা বিশেষজ্ঞৰ পৰা জানো আহক।

 

যোগাসন স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলিব পাৰি। ই কেৱল শৰীৰক শক্তিশালী কৰাই নহয়, মানসিক স্বাস্থ্যৰো উন্নতি সাধন কৰে। যোগে বহু শাৰীৰিক আৰু মানসিক সমস্যা দূৰ কৰাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে যোগৰ গুৰুত্ব ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা। সেয়েহে প্ৰতি বছৰৰ দৰে এই বছৰো ২১ জুনৰ দিনটোত সমগ্ৰ বিশ্বই যোগ দিৱস পালনৰ উদ্দেশ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

 

উল্লেখ্য যে যোগাসনৰ ফলত সকলোৱে নিজৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। চিকিৎসকসকলেও পৰামৰ্শ দিয়াৰ উপৰি নিজেও যোগাসনৰ অভ্যাস কৰে। সেয়েহে যোগ শিক্ষাক সকলোৱে গুৰুত্ব দিয়াৰ উপৰি ইয়াক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলা উচিত। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ সমান্তৰালকৈ যোগাভ্যাস গঢ়ি তোলা উচিত। কাৰণ যোগে কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে। যদি আমি যোগাসনক আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰো, তেন্তে আমি কেৱল ৰোগৰ পৰা মুক্ত হোৱাই নহয়, ইতিবাচক শক্তিও লাভ কৰিব পাৰো।

স্মৰ্তব্য যে যোগ বিশেষজ্ঞ দীপ্তী যোগেশ্বৰে কয় যে সজাগতা বৃদ্ধিৰ বাবে বহু কৰ্মশালা আৰম্ভ কৰা হৈছে। এই কৰ্মশালাসমূহৰ জৰিয়তে জনসাধাৰণক যোগাসনে তেওঁলোকৰ জীৱনত কেনেদৰে ইতিবাচক পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ে বিশ্লেষণ কৰা হৈছে। তেওঁৰ মতে নিয়মীয়া যোগাভ্যাসে শৰীৰক সুস্থ কৰি ৰখাই নহয়, মনটোক শান্ত আৰু মানসিক চাপমুক্ত কৰি ৰাখে। সেয়েহে আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত যোগে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। তেওঁ লগতে কয় যে এজন সুস্থ ব্যক্তিয়েহে এখন সুস্থ সমাজ আৰু জাতি গঢ়ি তুলিব পাৰে। নিয়মীয়াকৈ যোগাভ্যাস কৰিলে মানুহে কেৱল স্বাস্থ্যৰ উন্নতি সাধন কৰাই নহয়, সমাজলৈও ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠানে যোগাসনৰ প্ৰতি মানুহৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰি জীৱনত স্বাস্থ্য আৰু শান্তি কঢ়িয়াই আনিবলৈ আমি সকলোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰো আহক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ