--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুৰ্বল জীৱনশৈলী আৰু ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন। এইক্ষেত্ৰত যোগৰ প্ৰয়োজনীয়তা অভূতপূৰ্ব বুলিব পাৰি।

ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী আৰু ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন। এইক্ষেত্ৰত যোগৰ প্ৰয়োজনীয়তা অভূতপূৰ্ব বুলিব পাৰি। সেয়েহে ব্যস্তভৰাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান। এই সম্পৰ্কে কিছু কথা বিশেষজ্ঞৰ পৰা জানো আহক।

 

যোগাসন স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলিব পাৰি। ই কেৱল শৰীৰক শক্তিশালী কৰাই নহয়, মানসিক স্বাস্থ্যৰো উন্নতি সাধন কৰে। যোগে বহু শাৰীৰিক আৰু মানসিক সমস্যা দূৰ কৰাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে যোগৰ গুৰুত্ব ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা। সেয়েহে প্ৰতি বছৰৰ দৰে এই বছৰো ২১ জুনৰ দিনটোত সমগ্ৰ বিশ্বই যোগ দিৱস পালনৰ উদ্দেশ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

 

উল্লেখ্য যে যোগাসনৰ ফলত সকলোৱে নিজৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। চিকিৎসকসকলেও পৰামৰ্শ দিয়াৰ উপৰি নিজেও যোগাসনৰ অভ্যাস কৰে। সেয়েহে যোগ শিক্ষাক সকলোৱে গুৰুত্ব দিয়াৰ উপৰি ইয়াক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলা উচিত। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ সমান্তৰালকৈ যোগাভ্যাস গঢ়ি তোলা উচিত। কাৰণ যোগে কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে। যদি আমি যোগাসনক আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰো, তেন্তে আমি কেৱল ৰোগৰ পৰা মুক্ত হোৱাই নহয়, ইতিবাচক শক্তিও লাভ কৰিব পাৰো।

স্মৰ্তব্য যে যোগ বিশেষজ্ঞ দীপ্তী যোগেশ্বৰে কয় যে সজাগতা বৃদ্ধিৰ বাবে বহু কৰ্মশালা আৰম্ভ কৰা হৈছে। এই কৰ্মশালাসমূহৰ জৰিয়তে জনসাধাৰণক যোগাসনে তেওঁলোকৰ জীৱনত কেনেদৰে ইতিবাচক পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ে বিশ্লেষণ কৰা হৈছে। তেওঁৰ মতে নিয়মীয়া যোগাভ্যাসে শৰীৰক সুস্থ কৰি ৰখাই নহয়, মনটোক শান্ত আৰু মানসিক চাপমুক্ত কৰি ৰাখে। সেয়েহে আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত যোগে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। তেওঁ লগতে কয় যে এজন সুস্থ ব্যক্তিয়েহে এখন সুস্থ সমাজ আৰু জাতি গঢ়ি তুলিব পাৰে। নিয়মীয়াকৈ যোগাভ্যাস কৰিলে মানুহে কেৱল স্বাস্থ্যৰ উন্নতি সাধন কৰাই নহয়, সমাজলৈও ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰিব পাৰে। এই অনুষ্ঠানে যোগাসনৰ প্ৰতি মানুহৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰি জীৱনত স্বাস্থ্য আৰু শান্তি কঢ়িয়াই আনিবলৈ আমি সকলোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰো আহক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান