--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহানগৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বহু লোকে লিচু আনি বিক্ৰী কৰি আছে।

ডিজিটেল ডেস্ক : বৰ্ধিত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ফল খোৱাত অধিক গুৰুত্ব দিয়ে। যাৰ ফলত গৰমৰ বতৰত ফলৰ চাহিদা বজাৰত অধিক বৃদ্ধি পায়। উৎকট গৰমৰ মাজতে এতিয়া বতৰৰ ফলেৰে ভৰিছে মহানগৰৰ বজাৰ। বিশেষকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা মহানগৰৰ বজাৰলৈ অহা আম আৰু লিচু বিভিন্ন ঠাইত উপলব্ধ হৈছে। 


বজাৰত কিছুদিনৰ পৰা তেজপুৰ, নলবাৰী, চন্দ্ৰপুৰ, সোণাপুৰ, মঙলদৈ, বঙাইগাঁও আদি বিভিন্ন অঞ্চলৰ পৰা অহা লিচুৰ বজাৰখনে ব্যাপক চাহিদা লাভ কৰিছে। মহানগৰৰ ফাঁচি বজাৰ, বেলতলা, গণেশগুৰি, বামুণীমৈদাম আদি অঞ্চলৰ বজাৰৰ লগতে বিভিন্ন স্থানৰ বজাৰ আৰু পদপথত একাংশ ব্যৱসায়ীয়ে লিচু বিক্ৰী কৰা দেখা গৈছে। 


মহানগৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বহু লোকে লিচু আনি বিক্ৰী কৰি আছে। সাধাৰণতে তেজপুৰৰ লিচুৰ অনন্য সোৱাদ থকাৰ বাবে সেই অঞ্চলৰ লিচুৰ চাহিদা অতি বেছি। অৱশ্যে, বজাৰত তেজপুৰৰ লিচুৰ নাম লৈ একাংশ অসাধু ব্যবসায়ীয়ে অন্যান্য ঠাইৰ পৰা অনা লিচুও অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ইফালে, 'ফলৰ ৰজা' বুলি খ্যাত বিভিন্ন প্ৰজাতিৰ আমেৰে এতিয়া ভৰিছে মহানগৰৰ বজাৰ। 


ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা আম প্রতিবছৰে বজাৰত উভৈনদী হৈ পৰা পৰিলক্ষিত হয়। মহানগৰৰ বজাৰত আম আৰু লিচুৰ চাহিদা অধিক বৃদ্ধি পোৱাৰ লগতে বিক্ৰী ভাল হোৱা বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে। লক্ষণীয়ভাৱে লিচু আৰু আমৰ এক অনন্য সোৱাদ থকাৰ লগতে দুয়োবিধ ফল মানৱ শৰীৰৰ বাবেও যথেষ্ট উপকাৰী। লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যিয়ে শৰীৰক শক্তিশালী কৰি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ উপৰি লিচুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। তেনেদৰে আম অকল সু-স্বাদুৱেই নহয়, আমত এন্টি-অক্সিডেন্ট জাতীয় বিভিন্ন ধৰণৰ পুষ্টিবৰ্ধক দ্রব্য থাকে। আমত আমাৰ শৰীৰৰ বাবে প্রয়োজনীয় মেগনেছিয়াম, মেংগেলেছ, চেলিয়ামাম, কেলছিয়াম, আইৰন আৰু ফছফৰাছ আদিও থাকে। আমত থকা ভিটামিন 'এ' আৰু 'চি' লগ হৈ 'বেটা-কেৰাটিন' নামৰ স্বাস্থ্যবর্ধক দ্রব্য উৎপন্ন কৰে। আনহাতে, আম খালে ছাল উজ্জ্বল হোৱাৰ লগতে আমে কেন্সাৰ ৰোগ নিৰাময় কৰাতো সহায় কৰে বুলি কোৱা হয়। যাৰ বাবে বর্ষা কালত উৎপাদন হোৱা দুয়োবিধ ফলৰ চাহিদা বজাৰত সৰ্বাধিক হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ