--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহানগৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বহু লোকে লিচু আনি বিক্ৰী কৰি আছে।

ডিজিটেল ডেস্ক : বৰ্ধিত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে ফল খোৱাত অধিক গুৰুত্ব দিয়ে। যাৰ ফলত গৰমৰ বতৰত ফলৰ চাহিদা বজাৰত অধিক বৃদ্ধি পায়। উৎকট গৰমৰ মাজতে এতিয়া বতৰৰ ফলেৰে ভৰিছে মহানগৰৰ বজাৰ। বিশেষকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা মহানগৰৰ বজাৰলৈ অহা আম আৰু লিচু বিভিন্ন ঠাইত উপলব্ধ হৈছে। 


বজাৰত কিছুদিনৰ পৰা তেজপুৰ, নলবাৰী, চন্দ্ৰপুৰ, সোণাপুৰ, মঙলদৈ, বঙাইগাঁও আদি বিভিন্ন অঞ্চলৰ পৰা অহা লিচুৰ বজাৰখনে ব্যাপক চাহিদা লাভ কৰিছে। মহানগৰৰ ফাঁচি বজাৰ, বেলতলা, গণেশগুৰি, বামুণীমৈদাম আদি অঞ্চলৰ বজাৰৰ লগতে বিভিন্ন স্থানৰ বজাৰ আৰু পদপথত একাংশ ব্যৱসায়ীয়ে লিচু বিক্ৰী কৰা দেখা গৈছে। 


মহানগৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বহু লোকে লিচু আনি বিক্ৰী কৰি আছে। সাধাৰণতে তেজপুৰৰ লিচুৰ অনন্য সোৱাদ থকাৰ বাবে সেই অঞ্চলৰ লিচুৰ চাহিদা অতি বেছি। অৱশ্যে, বজাৰত তেজপুৰৰ লিচুৰ নাম লৈ একাংশ অসাধু ব্যবসায়ীয়ে অন্যান্য ঠাইৰ পৰা অনা লিচুও অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ইফালে, 'ফলৰ ৰজা' বুলি খ্যাত বিভিন্ন প্ৰজাতিৰ আমেৰে এতিয়া ভৰিছে মহানগৰৰ বজাৰ। 


ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা আম প্রতিবছৰে বজাৰত উভৈনদী হৈ পৰা পৰিলক্ষিত হয়। মহানগৰৰ বজাৰত আম আৰু লিচুৰ চাহিদা অধিক বৃদ্ধি পোৱাৰ লগতে বিক্ৰী ভাল হোৱা বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে। লক্ষণীয়ভাৱে লিচু আৰু আমৰ এক অনন্য সোৱাদ থকাৰ লগতে দুয়োবিধ ফল মানৱ শৰীৰৰ বাবেও যথেষ্ট উপকাৰী। লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যিয়ে শৰীৰক শক্তিশালী কৰি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ উপৰি লিচুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। তেনেদৰে আম অকল সু-স্বাদুৱেই নহয়, আমত এন্টি-অক্সিডেন্ট জাতীয় বিভিন্ন ধৰণৰ পুষ্টিবৰ্ধক দ্রব্য থাকে। আমত আমাৰ শৰীৰৰ বাবে প্রয়োজনীয় মেগনেছিয়াম, মেংগেলেছ, চেলিয়ামাম, কেলছিয়াম, আইৰন আৰু ফছফৰাছ আদিও থাকে। আমত থকা ভিটামিন 'এ' আৰু 'চি' লগ হৈ 'বেটা-কেৰাটিন' নামৰ স্বাস্থ্যবর্ধক দ্রব্য উৎপন্ন কৰে। আনহাতে, আম খালে ছাল উজ্জ্বল হোৱাৰ লগতে আমে কেন্সাৰ ৰোগ নিৰাময় কৰাতো সহায় কৰে বুলি কোৱা হয়। যাৰ বাবে বর্ষা কালত উৎপাদন হোৱা দুয়োবিধ ফলৰ চাহিদা বজাৰত সৰ্বাধিক হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ