--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • শৰৎ অহাৰ লগে লগেই নদীদ্বীপ মাজুলীয়ে ন-ৰূপত প্ৰাণ পাই উঠে। বুঢ়ালুইতৰ বক্ষত অৱস্থিত সত্ৰদ্বীপ মাজুলীৰ প্ৰাকৃতিক সৌন্দর্য আৰু সাংস্কৃতিক পৰিৱেশে হাত বাউলি মাতে দেশী-বিদেশী পর্যটকক।

ডিজিটেল ডেস্কঃ শৰতৰ আগমনৰ লগে লগে বান বিভীষিকা, এশ এবুৰি সমস্যাৰে জৰ্জৰিত মাজুলীবাসীয়ে পাহৰি যায় সকলো দুখ-কষ্ট। কাৰণ শৰৎ মানেই মাজুলীত শাৰদীয় উৎসৱৰ বতৰ। 


শৰৎ অহাৰ লগে লগেই নদীদ্বীপ মাজুলীয়ে ন-ৰূপত প্ৰাণ পাই উঠে। বুঢ়ালুইতৰ বক্ষত অৱস্থিত সত্ৰদ্বীপ মাজুলীৰ প্ৰাকৃতিক সৌন্দর্য আৰু সাংস্কৃতিক পৰিৱেশে হাত বাউলি মাতে দেশী-বিদেশী পর্যটকক। আগন্তুক ১২ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া মাজুলীৰ আউনীআটী সত্ৰৰ মহাপালনাম আৰু ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া শাৰদীয় ৰাসোৎসৱক লৈ লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই মাজুলীৰ সকলো ৰাইজৰ ব্যস্ততাৰ যেন অন্ত নাই। 


সকলোৱে আগন্তুক ৰাসোৎসৱৰ প্ৰস্তুতিত নিমগ্ন হৈ পৰাৰ মাজতে মাজুলীলৈ আগমন ঘটে দেশী-বিদেশী পৰ্যটকৰ। অৱশ্যে লক্ষ্মী পূজাৰ দিনটোৰ পৰাই মাজুলীৰ ৰাসৰ নাটমেলা পর্ব আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা দিনটোৰ পৰাই মাজুলীত ইটোৰ পাছত সিটো দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পাছত সৃষ্টি হোৱা শোকবিহ্বল পৰিৱেশৰ মাজতে শাৰদীয় উৎসৱৰ প্ৰস্তুতিও সমান্তৰালভাৱে মাজুলীবাসীয়ে অব্যাহত ৰাখিছে। সমগ্র মাজুলীতে আগন্তুক ৰাসোৎসৱৰ আখৰাই পূৰ্ণৰূপ পোৱাৰ সময়তে পূৰ্বৰ দৰে ইটোৰ পাছত সিটো পৰ্যটকৰ দল মাজুলীত উপস্থিত হৈ মাজুলীৰ শৰৎসৃষ্ট পৰিৱেশত নিজকে বিলীন কৰি দিয়া পৰিলক্ষিত হৈছে। 


স্বাভাৱিকতে পৰ্যটকৰ বাবে বিশ্বৰ অন্যতম আকর্ষণীয় ঠাই হ'ল মাজুলী। মাজুলীলৈ বিগতবৰ্ষত ডেৰ লক্ষাধিকতকৈয়ো অধিক পৰ্যটকৰ আগমন হৈছিল। পৰে বিদেশী পর্যটকসকল। শেহতীয়াকৈ ১৪ অক্টোবৰত আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ পৰা অহা পৰ্যটকৰ এটা দলে মাজুলীত উপস্থিত হৈ মাজুলীৰ বিনন্দীয়া পৰিৱেশৰ লগতে সত্ৰীয়া সংস্কৃতি দর্শন কৰে। বিদেশী পর্যটকৰ দলটোৱে ক্রমে আউনীআটী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, নতুন চামগুৰি সত্ৰৰ লগতে মাজুলীৰ প্ৰায়কেইখন সত্ৰ পৰিভ্ৰমণ কৰি মাজুলীৰ সত্ৰীয়া জীৱন শৈলী, সত্রীয়া সংস্কৃতি দৰ্শন কৰি আপ্লুত হৈ পৰাৰ লগতে মাজুলীৰ চহকী সাতামপুৰুষীয় সংস্কৃতি দেখি আপোন পাহৰা হৈ পৰে বিদেশী পর্যটকৰ দলটো। 


বিশেষকৈ ফান্স, পর্তুগাল, জার্মানী, ইংলেণ্ড, অস্ট্রেলিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, আমেৰিকা আদি দেশৰ পৰ্যটকসকলৰ মাজুলীলৈ বেছিকৈ আগমন ঘটে। পর্যটকসকলে মাজুলীলৈ আহি সেউজীয়া প্রাকৃতিক পৰিৱেশ আৰু বিশুদ্ধ বায়ু, নতুন চামগুৰি সত্ৰৰ মুখাশিল্প, শালমৰাৰ মৃৎশিল্প, সত্ৰীয়া নৃত্যৰ লগতে শাৰদীয় মূল উৎসৱ ৰাস, আউনীআটী সত্ৰৰ পালনাম আৰু আকাশ বন্তি প্রজ্বলন আদি প্রত্যক্ষ কৰাটো যেন অনন্য এক হেঁপাহ থাকে। 


ইয়াৰ উপৰি মাজুলীৰ সত্ৰৰ লগতে বিভিন্ন অনুষ্ঠানসমূহৰ সংৰক্ষিত সম্পদেও পর্যটকসকলক আকৃষ্ট কৰে। যাৰ বাবে মাজুলীত আহি আপোন পাহৰা হৈ পৰে বিদেশী পৰ্যটকৰ দলটো।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement