--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • তদন্তকাৰী আৰক্ষীয়ে আজি পর্যন্ত প্রায় ১০০জন লোকৰ সাক্ষ্য গ্রহণ কৰিছে।

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ এছ আই টিৰ দলে দেশখনৰ বিভিন্ন পক্ষৰ সৈতে এলানি বৈঠকত মিলিত হৈছে। 


আনহাতে গুৱাহাটীতো এছ আই টিয়ে সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত ৰাখিছে। তদন্তকাৰী আৰক্ষীয়ে আজি পর্যন্ত প্রায় ১০০জন লোকৰ সাক্ষ্য গ্রহণ কৰিছে। 


উল্লেখযোগ্য যে ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যুমুখত পৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰত তদন্ত কৰিবলৈ যোৱা এছ আই টিৰ দলটোৱে ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে পুনৰ আলোচনাত মিলিত হয়। তদন্তত সহায়ক হ'ব পৰাকৈ আৰু কি কি কৰিব পাৰি তাক লৈ দুয়োপক্ষই কালিৰ বৈঠকত আলোচনা কৰা বুলি জানিব পৰা গৈছে।


ছিংগাপুৰৰ উচ্চাযুক্তই দেশখনৰ আৰক্ষীয়ে কৰি থকা তদন্তত আৰু কিছু সময়ৰ প্রয়োজন হ'ব বুলি প্ৰকাশ কৰি অসমৰ জুবিন অনুৰাগীসকলক ধৈর্য ধৰিবলৈ আহ্বান জনায়। ইফালে এছ আই টিৰ দলটোৱে ছিংগাপুৰত যিখন পেন পেচিফিক হোটেলত জুবিন গাৰ্গ আছিল তাত তদন্ত কৰাৰ লগতে হোটেল কর্তৃপক্ষক সোধা-পোছা কৰে। 


ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে যিখন য়টত গৈছিল তাৰ কৰ্মচাৰীক সোধা-পোছা কৰা বুলিও জানিব পৰা গৈছে।



আনহাতে কালি গুৱাহাটীত এছ আই টিয়ে কেইবাজনো লোকক জেৰা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা এছ আই টিয়ে তলব কৰা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ সৈতে ঘনিষ্ঠ যুবতী প্রতীক্ষা দাস চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। যুৱতীগৰাকীক দীর্ঘসময় ধৰি জেৰা কৰা হয়। লক্ষণীয় যে জেৰাৰ সময়ত প্রতীক্ষা দাসে সিদ্ধার্থ শৰ্মাৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকাৰ কথা অস্বীকাৰ কৰে। তেওঁ সিদ্ধার্থ শৰ্মাক কেৱল চিনিহে পায় বুলি দাবী কৰে। কিন্তু তদন্তকাৰী আৰক্ষীয়ে প্রতীক্ষা দাস আৰু সিদ্ধার্থ শৰ্মাৰ মাজত বিত্তীয় লেনদেনৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। 


তেওঁৰ উপৰিও কালি এছ আই টিয়ে জুবিন গাৰ্গৰ দুজন বাদ্যযন্ত্ৰীৰো ভাষ্য গ্রহণ কৰে। দীপকেশ বৰগোহাঁই আৰু ঋষভ ভূঞাৰ সাক্ষ্য গ্ৰহণ কৰাৰ সময়ত দুয়োজনে তদন্তকাৰী আৰক্ষীৰ আগত মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ চৰম অৱহেলাৰ বাবেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা বুলি দাবী কৰে। 


সিদ্ধার্থ আৰু শেখৰজ্যোতি গোস্বামী দুয়ো জুবিন গাৰ্গৰ সৈতে অতি ঘনিষ্ঠ সম্পর্ক বজাই ৰাখিছিল বুলিও প্রকাশ কৰে। অধিকাংশ সময় তেওঁলোক দুয়ো জুবিন গাৰ্গৰ সৈতেই আছিল বুলি কয়। 


আনহাতে জুবিন গার্গে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়ত অনুৰাগীয়ে লগ কৰিবলৈ যোৱাৰ সময়ত অনুৰাগীক সিদ্ধার্থ শৰ্মাই দুৰ্য্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰে। দুয়ো নিৰপেক্ষ তদন্ত হোৱাৰ আশা প্রকাশ কৰি ছিংগাপুৰত সেইদিনা প্রকৃততে কি হৈছিল সেয়া পোহৰলৈ অহাৰ কামনা কৰে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ