ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি।
NHM কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ লগতে সমকামৰ সম দৰমহা, স্বাস্থ্য বিভাগৰ খালি পদত পোনপটীয়া নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি, পেঞ্চন, ডেথ বেনিফিট, চাৰ্ভিচ বুক ফেচিলিটীসহ অন্যান্য সা সুবিধা সমহাৰত প্ৰদানৰ দাবীত তিনিদিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি পালন কৰে।
হাতে হাতে প্লে' কাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে বৰপেটা জিলাৰ ৫ শতাধিক NHM কৰ্মচাৰীয়ে ।আগন্তুক দিনত এই দাবী চৰকাৰে মানি নল'লে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে NHM স্বাস্থ্য কৰ্মীসকলে ।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্দেশ্যি NHM কৰ্মচাৰীয়ে এটা গীত পৰিবেশনেৰে কৰ্মচাৰী সকলৰ দুখ দূৰ্দশা প্ৰকাশ কৰে। গীতটোৰ জৰিয়তে NHM কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবেও কাতৰ আহ্বান জনায় কৰ্মচাৰী সকলে।