--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পত্নীয়ে স্বামীৰ সৈতে কাজিয়া কৰি পিতৃগৃহলৈ গুচি গৈছিল। আৰু যোৱা তিনিদিন পূৰ্বে নিজ সন্তানক লগত লৈ স্বামী বিমল দাসে পত্নীক লগ ধৰিব লৈ গৈছিল

ডিজিটেল ডেস্কঃ শহুৰেক ঘৰত পত্নীক দেখা কৰিবলৈ যোৱা জোঁৱাইক বিহ পান কৰোৱাৰ ঘটনা সংঘটিত হৈছে । ঘটনাৰ তিনিটা দিন পাছত চিকিৎসাধীন অবস্থাত শিলচৰ মেডিকেল কলেজত মৃত্যু জোঁৱাইৰ।


পত্নীসহ শহুৰেকৰ পৰিয়ালৰ কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু মৃতকৰ পৰিয়ালৰ।


যোৱা তিনি দিন পূৰ্বে কাছাৰ জিলাৰ কাটিগড়াত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । জানিব পৰা মতে, বিমল দাস নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত কেইদিনমান পূৰ্বে কাজিয়া হৈছিল । পত্নীয়ে স্বামীৰ সৈতে কাজিয়া কৰি পিতৃগৃহলৈ গুচি গৈছিল। আৰু যোৱা তিনিদিন পূৰ্বে নিজ সন্তানক লগত লৈ স্বামী বিমল দাসে পত্নীক লগ ধৰিব লৈ গৈছিল । কিন্তু শহুৰেকৰ ঘৰত যোৱাৰ পাছত বিমলক মাৰপিট কৰি জোৰজৰবদস্তি বিহ পান কৰাই শহুৰেকৰ পৰিয়ালৰ লোকে হত্যা কৰিছে বুলি অভিযোগ তোলে তেওঁৰ পৰিয়ালৰ লোকে৷


ঘটনাৰ পাছত লোকজনক শিলচৰ মেডিকেল কলেজত সংকটজনক অবস্থাত ভৰ্তি কৰোৱা হয় আৰু কালি চিকিৎসাধীন অবস্থাত মেডিকেল কলেজত মৃত্যু হয় লোকজনৰ।


ইপিনে বিমলৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ লোক সকলে হত্যাৰ অভিযোগ তুলি কাটিগড়া আৰক্ষী চকীত বিমলৰ পত্নীসহ শহুৰেকৰ পৰিয়ালৰ কেইবাজনোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত