--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পত্নীয়ে স্বামীৰ সৈতে কাজিয়া কৰি পিতৃগৃহলৈ গুচি গৈছিল। আৰু যোৱা তিনিদিন পূৰ্বে নিজ সন্তানক লগত লৈ স্বামী বিমল দাসে পত্নীক লগ ধৰিব লৈ গৈছিল

ডিজিটেল ডেস্কঃ শহুৰেক ঘৰত পত্নীক দেখা কৰিবলৈ যোৱা জোঁৱাইক বিহ পান কৰোৱাৰ ঘটনা সংঘটিত হৈছে । ঘটনাৰ তিনিটা দিন পাছত চিকিৎসাধীন অবস্থাত শিলচৰ মেডিকেল কলেজত মৃত্যু জোঁৱাইৰ।


পত্নীসহ শহুৰেকৰ পৰিয়ালৰ কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু মৃতকৰ পৰিয়ালৰ।


যোৱা তিনি দিন পূৰ্বে কাছাৰ জিলাৰ কাটিগড়াত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । জানিব পৰা মতে, বিমল দাস নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত কেইদিনমান পূৰ্বে কাজিয়া হৈছিল । পত্নীয়ে স্বামীৰ সৈতে কাজিয়া কৰি পিতৃগৃহলৈ গুচি গৈছিল। আৰু যোৱা তিনিদিন পূৰ্বে নিজ সন্তানক লগত লৈ স্বামী বিমল দাসে পত্নীক লগ ধৰিব লৈ গৈছিল । কিন্তু শহুৰেকৰ ঘৰত যোৱাৰ পাছত বিমলক মাৰপিট কৰি জোৰজৰবদস্তি বিহ পান কৰাই শহুৰেকৰ পৰিয়ালৰ লোকে হত্যা কৰিছে বুলি অভিযোগ তোলে তেওঁৰ পৰিয়ালৰ লোকে৷


ঘটনাৰ পাছত লোকজনক শিলচৰ মেডিকেল কলেজত সংকটজনক অবস্থাত ভৰ্তি কৰোৱা হয় আৰু কালি চিকিৎসাধীন অবস্থাত মেডিকেল কলেজত মৃত্যু হয় লোকজনৰ।


ইপিনে বিমলৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ লোক সকলে হত্যাৰ অভিযোগ তুলি কাটিগড়া আৰক্ষী চকীত বিমলৰ পত্নীসহ শহুৰেকৰ পৰিয়ালৰ কেইবাজনোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা