ডিজিটেল ডেস্ক : ৰাসলৈ মাজত মাথোঁ এটা দিনহে বাকী থকাত আজি মাজুলীৰ অর্ধ শতাধিক ৰাসমঞ্চত কলা-কুশলী, অভিনেতা-অভিনেত্রীসকলে ৰাসৰ বৰ আখৰা প্ৰদৰ্শন কৰিব।
সমান্তৰালভাৱে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰয়ো ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি আধ্যাত্মিকভাৱে ৰাস মহোৎসৱৰ আয়োজন কৰিছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাৰে অহা ৪, ৫ আৰু ৬ নৱেম্বৰত কমলাকান্ত আতা ক্ষেত্রত অনুষ্ঠিত হ'বলগীয়া ৰাসোৎসৱৰ বাবে সত্ৰখনত সকলো প্রস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। প্রায় ৩ হাজাৰ দর্শকে বহি ৰাস উপভোগ কৰিব পৰাকৈ কমলাকান্ত আতা ক্ষেত্ৰৰ স্থায়ী মুকলি প্রেক্ষাগৃহ ইতিমধ্যে সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে।
![]()
আজি সত্ৰৰ কলা-কুশলীসকলে কমলাকান্ত আতা ক্ষেত্ৰৰ স্থায়ী মঞ্চত চূড়ান্ত আখৰা প্ৰদৰ্শন কৰিব। এক বিস্তৃত কাৰ্যসূচীৰে ৰাসোৎসৱৰ আয়োজন কৰি ৰাস উদযাপন সমিতিৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাসোৎসৱৰ বিস্তৃত কাৰ্যসূচীৰ বিষয়ে জনোৱা অনুসৰি, অহা ৪ নৱেম্বৰৰ ৰাসোৎসৱৰ প্ৰথম দিনা পুৱা ৯ বজাত প্রসংগীয়া নাম-কীৰ্তনৰ পাছতেই ৯-৩০ বজাত স্বাস্থ্য শিবিৰ মুকলি কৰিব মাজুলীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কিশোৰ কুমাৰ কামানে।
১০বজাত লায়ন্স চকু চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ মুকলি কৰিব সত্ৰাধিকাৰ জনাদন দেৱ গোস্বামীয়ে। পুৱা ১০-১৫ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই অন্ন-প্ৰসাদৰ উদ্ঘাটন কৰিব মাজুলী জিলাৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। ১১-১৫ বজাত ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি বাছাৰাম বৰুৱাই মঞ্চ উদ্ঘাটন কৰাৰ পাছতেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্র অনুষ্ঠিত হ'ব।
ইন্দিৰা গান্ধী কলাকেন্দ্র সাংস্কৃতিক মন্ত্ৰ্যালয় ভাৰত চৰকাৰৰ আঞ্চলিক কেন্দ্ৰ গুৱাহাটীৰ উদ্যোগত আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত অনুষ্ঠিত উক্ত আলোচনা-চক্ৰত মাজুলীৰ ৰাসলীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান শীর্ষক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হ'ব।
সন্ধ্যা ৫বজাত পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতে মুখ্য প্ৰজ্বলক হিচাপে সত্ৰখনৰ কৃষ্ণ ৰাসোৎসৱ-২০২৪ত সত্ৰ প্ৰতিষ্ঠাৰ ৩৫২ বছৰীয়া জয়ন্তীৰ উপলক্ষে ৩৫২ গছি বন্তি প্রজ্বলনৰ কাৰ্যসূচীৰ উপৰি শ্রীশ্রী কৃষ্ণৰ ৰাসোৎসৱ আৰু ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে শ্রদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্রজ্বলন কৰিব উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সভাপতি মণিৰাম বৰগায়ন বুঢ়াভকতে। ইয়াৰ পাছতেই ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে আনুষ্ঠানিকভাৱে ৰাসলীলা উদ্বোধন কৰিব।
উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। ইফালে মন্ত্রী বিমল বড়া বিশেষ আমন্ত্রিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাংসদ প্রদান বৰুৱা, বিধায়ক ভুৱন গাম, বিধায়ক মানৱ ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। ৫ নৱেম্বৰৰ সত্ৰৰ ৰাসোৎসৱৰ কাৰ্যসূচীত পুৱা ১১-৩০ বজাত মাজুলী জিলা দিহানাম গৱেষণা আৰু সংৰক্ষণ পৰিষদৰ সহযোগত দিহানামৰ সমাৰোহ অনুষ্ঠিত হ'ব। সেইদিনা সন্ধ্যা ৭-১৫ বজাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড° নিৰোদ বৰুৱাৰ উদ্বোধনেৰে সত্ৰখনৰ দ্বিতীয় নিশাৰ ৰাসোৎসৱ অনুষ্ঠিত হ'ব। ৬ নৱেম্বৰ অৰ্থাৎ অন্তিম দিনাৰ সত্ৰখনৰ ৰাসোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।

ৰাসোৎসৱলৈ অহা দর্শনার্থীৰ বাবে অন্ন-প্ৰসাদৰ ব্যৱস্থা, ৫০ সহস্রাধিক দর্শনার্থীৰ বাবে বিনামূলীয়া অন্ন-প্রসাদ, শতাধিক লোকৰ বাবে নিৱাসৰ ব্যৱস্থা, প্রায় ৩হাজাৰ দৰ্শকে প্ৰৱেশ-পত্রবিহীনভাৱে ৰাসোৎসৱ শ্ৰৱণ আৰু দৰ্শন কৰিব পাৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। ইফালে নতুন কমলাবাৰী সত্ৰয়ো দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ ৰাসোৎসৱৰ আয়োজন কৰিছে। ঐতিহাসিক আউনীআটী সত্ৰই ৫ নৱেম্বৰত ৰাস পূজা অনুষ্ঠিত কৰাৰ পাছত ৬ নৱেম্বৰত গোষ্ঠলীলা আৰু মহাৰাস অনুষ্ঠিত কৰিব। সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে আজি নিজেই গোষ্ঠলীলাৰ আখৰাত কলা নির্দেশনা প্রদান কৰি থকা দেখা গ'ল। নতুন চামগুৰি সত্ৰতো ৫ আৰু ৬ নৱেম্বৰত ৰাসলীলাৰ আয়োজন কৰিছে। সত্ৰখনৰ ৰাসোৎসৱৰ বাণিজ্যিক মেলাত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। দক্ষিণপাট সত্রতো ৫ নৱেম্বৰত ৰাস পূজাৰে ৰাসোৎসৱ আৰম্ভ হোৱাৰ পাছত কৃষ্ণ জন্মৰ পৰা অৰিষ্টাসুৰ বধলৈকে সন্নিৱিষ্ট থকা মূল ৰাসৰ নাট প্রদর্শিত হ'ব। আনহাতে, এলেঙী নৰসিংহ সত্ৰ অভয়পুৰীয়া শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত ৫ আৰু ৬ নৱেম্বৰত বিনামূলীয়া মুকলি ৰাসৰ আয়োজন কৰিছে। ইফালে মাজুলীৰ এইবাৰৰ ৬৭ টা ৰাস মঞ্চৰ ভিতৰত অধিকাংশ ৰংগমঞ্চত ৪ নৱেম্বৰৰ পৰাই ৰাসলীলা অনুষ্ঠিত হ'ব। ৰাস পূৰ্ণিমাৰ তিথি ৪ নৱেম্বৰৰ বিয়লিৰ পৰাই মিলাৰ পৰিপ্ৰেক্ষিতত সেইদিনা নিশাৰ পৰাই ৰাসলীলা ৰংগমঞ্চসমূহত আৰম্ভ হ'ব।

অৱশ্যে আউনীআটী সত্ৰকে ধৰি অন্যান্য সত্ৰৰ ৰাস পূজা ৫ নৱেম্বৰতহে অনুষ্ঠিত হ'ব। ইফালে এইবাৰ ৰাসৰ ৬ নৱেম্বৰৰ দিনটো মাজুলীত স্থানীয় বন্ধ ঘোষণা কৰিছে মাজুলী জিলা প্রশাসনে। এই সন্দৰ্ভত মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কয় যে মাজুলীৰ ৰাসোৎসৱৰ লগত মাজুলীবাসীৰ আধ্যাত্মিক সুখানুভূতি জড়িত হৈ আছে। সেয়ে প্রতিবাৰৰ দৰে এইবাৰো ৰাসোৎসৱৰ ৬ নৱেম্বৰৰ দিনটো মাজুলীত স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
ইফালে মাজুলীৰ ৰাসৰ দ্বিতীয় দিনা অর্থাৎ ৫ নৱেম্বৰত মাজুলীৰ ৰাসোৎসৱৰ মাজেৰে নদী পৰ্যটনক আগুৱাই নিয়াৰ বাবে বিশেষ কাৰ্যসূচী লোৱাৰ কথা জানিবলৈ দি জিলাৰ আয়ুক্তগৰাকীয়ে মাজুলীৰ টুনী নদীৰ কমলাবাৰী অংশত সন্মুখত ৰাধা-কৃষ্ণক লৈ ৪০খন নৌকাৰে 'বৈকুণ্ঠৰ হৰিনাম টুনীয়েদি উজাই যাম' শীর্ষক এক হৰিনামৰ নৌকা যাত্ৰাৰ এক বিশেষ কাৰ্যসূচী লোৱাৰ কথা উল্লেখ কৰে। ইফালে ৬ নৱেম্বৰতো টুনী নদীৰ একেই অংশত সন্ধিয়া স্নিগ্ধ জোনাকত মহাৰাস প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰাৰ কথা আছে বুলি তেওঁ উল্লেখ কৰে।
উৎসঃ দৈনিক জনমভূমি