--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযোগ অনুসৰি কলেজত ক্লাছ চলি থকা অৱস্থাত এগৰাকী ছাত্ৰী গেটৰ বাহিৰলৈ ওলাই যাব বিচাৰিছিল।

ডিজিটেল ডেস্ক : মৈৰাবাৰী মহাবিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কলেজ খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকসহ কেইবাগৰাকী সদস্যক মাৰপিট প্ৰাক্তন ছাত্ৰ এজনৰ।



অভিযোগ অনুসৰি কলেজত ক্লাছ চলি থকা অৱস্থাত এগৰাকী ছাত্ৰী গেটৰ বাহিৰলৈ ওলাই যাব বিচাৰিছিল। সেইসময়তে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ছাত্ৰীজনীলৈ শৃঙ্খলা ভংগ নকৰাৰ অনুৰোধ জনায়। এই ঘটনাক কেন্দ্র কৰি ছাত্ৰীজনীৰ পৰিচিত প্ৰাক্তন ছাত্ৰ ৰাভিচ নামৰ এজন যুৱক জনে কলেজত উপস্থিত হৈ সাধাৰণ সম্পাদকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰে আৰু প্ৰাণে মৰাৰ ভাবুকিও দিয়ে।


উক্ত ঘটনাই ইতিমধ্যে কলেজ পৰিবেশত উত্তেজনা সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলে একত্ৰিত হৈ মৈৰাবাৰী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। অভিযোগত ৰাভিচ নামৰ যুৱক জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা লৈ দোষীক ততালিকে কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ সহায় বিচাৰিছে ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ