--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শোধনাগাৰটোৰ তৈলজাত বর্জিত পদার্থই বৈচিত্র্য আৰু কৃষকৰ প্ৰতি ব্যাপকভাৱে জল প্ৰদূষিত কৰাৰ লগতে জীৱ-বৈচিত্র্য আৰু কৃষকৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে শোধনাগাৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজ তথা দল-সংগঠনে।

ডিজিটেল ডেস্ক : নুমলীগড় শোধনাগাৰৰ প্রতিষ্ঠাকালীন সময়ৰ প্ৰায় উৎপাদনক্ষম হোৱাৰ পৰা শোধনাগাৰৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীত ব্যাপক প্রভাৱ পৰিছে।


শোধনাগাৰটোৰ তৈলজাত বর্জিত পদার্থই বৈচিত্র্য আৰু কৃষকৰ প্ৰতি ব্যাপকভাৱে জল প্ৰদূষিত কৰাৰ লগতে জীৱ-বৈচিত্র্য আৰু কৃষকৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে শোধনাগাৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজ তথা দল-সংগঠনে।


বিগত সময়ছোৱাত এই সন্দৰ্ভত নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে যদিও নদীখনত প্ৰদূষণৰ পৰা মুক্ত কৰিবৰ বাবে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই কোনো কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ'ল।


ফলত শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ পোষকতা কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্ৰী পেলাই নদীখন প্ৰদূষিত কৰাৰ ঘটনাৰ বিৰুদ্ধে নিজাববীয়াকৈ (৮৬/২০২৫/ই জেড) এটা গোচৰ ৰুজু কৰিছে।


উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ লিমিটেড ঔদ্যোগিক নির্গমণৰ ফলত ব্ৰহ্মহ্মপুত্ৰৰ এখন গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদীত তীব্ৰ প্ৰদূষণ হোৱাৰ লগতে প্ৰদূষণৰ কবলত পৰি নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰাৰ লগতে নদী কাষৰীয়া ৰাইজৰো জনজীৱনৰ প্ৰতি ভয়াৱহ ভাবুকি আহিছে বুলি বিশিষ্ট পৰিৱেশকর্মী তথা জ্যেষ্ঠ সাংবাদিক অপূর্ব বল্লভ গোস্বামীয়ে তথ্য সহকাৰে অভিযোগ উত্থাপন কৰি আহিছিল।


এই সন্দৰ্ভত এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বিষয়টো গুৰুত্ব সহকাৰে লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি সংশ্লিষ্ট বিভাগসমূহক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।


উল্লেখযোগ্য যে ধনশিৰি নদীত নুমলীগড় শোধনাগাৰে তৈলজাত সামগ্রী, তেল, ৰাসায়নিক পদার্থ আদি চেঙামৰা জান আৰু হাতীমৰা জান দুটাৰে উলিয়াই ধনশিৰি নদীলৈ বোৱাই নদীখন প্ৰদূষিত কৰাৰ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা ঔদ্যোগিক নির্গমণৰ ফলত ব্ৰহ্মপুত্ৰৰ এক গুৰুত্বপূৰ্ণ উপনৈ ধনশিৰি নদী তীব্ৰ প্ৰদূষণৰ সন্মুখীন হৈছে বুলি পৰিৱেশকর্মী অপূর্ব বল্লভ গোস্বামীয়ে অভিযোগ উত্থাপন কৰি আহিছে।


আনহাতে, গোস্বামীয়ে গুৱাহাটীস্থিত বায়'টেক ৰাসায়নিক পৰীক্ষাগাৰত নুমলীগড় শোধনাগাৰৰ পাছফালে থকা ধনশিৰি নদীৰ পানীৰ নুমনা লৈ পৰীক্ষা কৰাত বিভিন্ন ৰাসায়নিক পদার্থ ধনশিৰি নদীত মিহলি হৈ নদীখন ভয়ানকভাৱে প্ৰদূষিত হোৱাৰ তথ্য পোহৰলৈ আনিছিল। উক্ত পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ মতে জৈৱ অক্সিজেন ১৮, ৰাসায়নিক অক্সিজেন ১৪২, অইল আৰু গ্ৰীড গ্ৰীচ ১১.৫, ফিনল বি ডি এল নদীখনত আছে বুলি পৰীক্ষাগাৰত নিশ্চিত হৈছে।


এনেধৰণৰ তৈলজাত সামগ্ৰী নুমলীগড় শোধনাগাৰে ধনশিৰি নদীত পেলাই দিয়াৰ ফলত নদীখনৰ জলচৰ প্ৰাণী, জলজ উদ্ভিদ আদি ধ্বংসৰ গৰাহত পৰিছে। ইফালে ব্ৰহ্মপুত্ৰৰ পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো প্ৰভাৱিত কৰি আহিছে বুলি আশংকা কৰা হৈছে।


গতিকে নুমলীগড় শোধনাগাৰ সৃষ্ট এই প্ৰদূষণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো যে ক্ষতি কৰি আহিছে ই নিশ্চিত। বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ সত্ত্বেও শোধনাগাৰ কৰ্তৃপক্ষই বর্জিত পদার্থ নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ নিয়ম বলবৎ কৰাত ব্যর্থ হৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।


বহনক্ষম নদী ব্যৱস্থাপনা আৰু কঠোৰ ঔদ্যোগিক অনুসৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি ধনশিৰিৰ অৱস্থা অপ্রত্যাৱৰ্তনীয় হোৱাৰ পূৰ্বে প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে। আনহাতে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এইক্ষেত্ৰত কি নির্দেশনা বা ৰায় প্ৰদান কৰে সেয়াও হ'ব লক্ষণীয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ