--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিনেমা হলটোৰ বৰ্তমান পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় ৷

ডিজিটেল ডেস্কঃ জাগীৰোডৰ গণেশ টকিজ চিনেমা হলত উপস্থিত হয় জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ এগৰাকী প্ৰযোজক শ্যামন্তক গৌতম ৷ 


চিনেমা হলটোৰ বৰ্তমান পৰিৱেশ সন্দৰ্ভত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বত্বাধিকাৰী, পৰিচালক আৰু জুবিন ফেন ক্লাবৰ সদস্য সকলৰ সৈতে আলোচনাত মিলিত হয় ৷ অতি শীঘ্ৰেই জাগীৰোডৰ গণেশ টকিজত ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমক অবগত কৰে প্ৰযোজক শ্যামন্তক গৌতমে ৷ 


জাগীৰোডৰ চিনেমা হলটো পুনৰ কাৰ্যক্ষম কৰাৰ জুবিন গাৰ্গৰ সপোন বাস্তৱায়িত হোৱাত সুখ প্ৰকাশ কৰে প্ৰযোজক গৰাকীয়ে ৷ আনহাতে মুম্বাইৰ পৰা অহা চাউণ্ড ইঞ্জিনিয়াৰ অমৃত প্ৰীতমেও শ্যামন্তক গৌতমক সংগ দি পৰিদৰ্শন কৰে হলটো ৷ ভাইমন দা ছবিৰ চিত্ৰগ্ৰহণ হোৱা হলটো চলি থাকিবলৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায় অমৃত প্ৰীতমে ৷ 


উল্লেখ্য যে, জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনৰ বাবে পুনৰ মুকলি কৰা হৈছে বিগত ৬ বছৰে বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত