--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বন মন্ত্রী পাটোৱাৰীয়ে বিগত পর্যটন বৰ্ষত কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটাৰ কথা উল্লেখ কৰি কয় যে আশা কৰা হৈছে এইবাৰো পৰ্যটকৰ সমাগমে কাজিৰঙাত অভিলেখ গঢ়িব।

ডিজিটেল ডেস্ক : ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা। 


বনাঞ্চলখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত দেওবাৰে বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্রী কেশৱ মহন্ত, কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক দৰসিং ৰংহাং, কাৰ্বি আংলং জিলা স্বায়ত্তশাসন পৰিষদৰ পৰ্যটন বিভাগৰ দায়িত্বত থকা কার্যবাহী সদস্য ৰিতেশ ইংহি, কাৰ্যবাহী সদস্য মাধুর্য ঢেকীয়াল ফুকন, পর্যটক, স্থানীয় ৰাইজ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষৰ লগতে বন বিভাগৰ বিষয়া-কর্মী, পর্যটন ব্যৱসায়ী আদিৰ উপস্থিতিত ৰাজ্যৰ বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাৰিকল ভাঙি, ফিতা কাটি কঁহৰা বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে। 


ইয়াৰ লগে লগে কালিৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কেন্দ্ৰীয় কঁহৰা বনাঞ্চলত পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰী আৰম্ভ হয়। বন মন্ত্রী পাটোৱাৰীয়ে বিগত পর্যটন বৰ্ষত কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটাৰ কথা উল্লেখ কৰি কয় যে আশা কৰা হৈছে এইবাৰো পৰ্যটকৰ সমাগমে কাজিৰঙাত অভিলেখ গঢ়িব। ৰাইজক কাজিৰঙা দৰ্শন কৰিবলৈ আহিবলৈ আহ্বান জনায় পাটোৱাৰীয়ে। মন্ত্রী কেশৱ মহন্তই কয় যে অসমৰ সাম্প্ৰতিক পৰিৱেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিশ্বৰ যথেষ্ট পৰ্যটক আকৰ্ষিত হৈছে। পৰ্যটকৰ সমাগমৰ ক্ষেত্ৰত এই পর্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ হ'ব আৰু প্ৰকৃতিপ্রেমীৰ আগমন বৃদ্ধি পাব বুলিও মন্ত্রী মহন্তই আশা প্রকাশ কৰে। ইপিনে, কঁহৰা বনাঞ্চল মুকলিৰ পূৰ্বে কালি পুৱাই 'কাজিৰঙা ৰাইন' ৰান' শীর্ষক দৌৰ প্রতিযোগিতা সম্পন্ন হয়। 


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ আৰু 'ডব্লিউ টি আৰ পি'ৰ উদ্যোগত অনুষ্ঠিত এই দৌৰ প্রতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ তিনি শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। আনহাতে, কঁহৰা বনাঞ্চল মুকলিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীর্ঘদিন সেৱা আগবঢ়াই কিছুদিন পূর্বে মৃত্যুক আঁকোৱালি লোৱা পৰাক্ৰমী হস্তী মোহনমালাৰ স্মৃতিত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত হাতীশাল মুকলি কৰা হয়। ইয়াৰ পাছত সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক দৰসিং ৰংহাং, কাৰ্যবাহী সদস্য ৰিতেশ ইংহি, মাধুর্য ঢেকীয়াল ফুকন, কাচে ৰংপিপি, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ জেষ্ঠ সমন্বয়ক ড° প্ৰণৱজ্যোতি বৰা আদিৰ উপস্থিতিত বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাজিৰঙাৰ গাতে লাগি থকা কার্বি আংলং জিলাৰ চিলিমখোৱাত প্রায় পাঁচ কিল'মিটাৰ দৈৰ্ঘ্যৰ হিল ট্রেকিং আৰম্ভ কৰে। ইফালে, কঁহৰা বনাঞ্চল মুকলি উপলক্ষে কঁহৰাৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানত শিল্পী জুবিন গাৰ্গৰ 'মায়াবিনী' শীর্ষক গীত সমস্বৰে পৰিৱেশন কৰাৰ পাছত কেইবাখনো বন্য প্রাণী সম্পর্কীয় পুস্তিকা, কবিতা পুথি 'বৰদৈচিলা' উন্মোচন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমগৰাকী বন শ্বহীদ বলুৰাম দত্তৰ স্মৃতিত ভেটেনেৰী ক্লিনিক মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰী উপস্থিত থকা অনুষ্ঠানতে 'নেশ্যনেল এডাপ্টেশ্বন ফাণ্ড ফৰ ক্লাইমেট চেঞ্জ'ৰ পুঁজিৰে কাজিৰঙা-হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত অনুষ্ঠিত হৈ যোৱা পাঁচদিনীয়া জৈৱিক কাঠফুলা প্রশিক্ষণত অংশগ্ৰহণ কৰা দুই শতাধিক কাঠফুলা খেতিয়কক মানপত্র আৰু প্রশিক্ষণ ভাত্তা প্রদান কৰা হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement