--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অসম সন্তান ৰীমা দাসে

ডিজিটেল ডেস্ক : অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈকে লৈ যাবলৈ সক্ষম হোৱা প্রসিদ্ধ পৰিচালক ৰীমা দাসে পুনৰবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।



পুনৰ এক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অসম সন্তান ৰীমা দাসে। তেওঁ ২৫ সংখ্যক নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে।


ভিলেজ ৰকষ্টাৰ্ছ ২' ছবিখনৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। এই মহোৎসৱতে তেওঁক 'এক্সেলেন্স এৱাৰ্ড ফৰ ৱ'মেন ফিল্মমেকাৰ'ৰ সন্মানো প্রদান কৰা হয়। লক্ষণীয় যে এই অনুষ্ঠানত তেওঁৰ 'ভিলেজ ৰকষ্টাৰ্ছ ২' ছবিখনে শ্ৰেষ্ঠ ছবিৰ শিতানত নমিনেশ্যনো লাভ কৰিছিল। দেওবাৰে মহোৎসৱত তেওঁৰ ছবিখন প্ৰদৰ্শন কৰা হয়।


উল্লেখযোগ্য যে শ্রেষ্ঠ পৰিচালকৰ সন্মানৰ দৌৰত তেওঁ দেশৰ প্ৰখ্যাত পৰিচালক অনুৰাগ কাশ্যপ, গৌতম ঘোষ, নিখিল মহাজন, সুমন ঘোষ আৰু ৰাম ৰেড্ডীৰ দৰে পৰিচালকক পিছ পেলাই শ্রেষ্ঠত্ব অর্জন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত