--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰ্তমান অঞ্চলটোত চোৰৰ এনে সন্ত্ৰাস চলিছে যে স্থানীয় ৰাইজে নিশা হ'লেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া চামগুৰি আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে।

ডিজিটেল ডেস্ক: চামগুৰিত এতিয়া চোৰৰ ৰাজত্ব! দিনক-দিনে বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱে এতিয়া স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। বিশেষকৈ নিশা হ'লেই ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লক্ষ্য কৰি লৈছে চোৰৰ দলে।


ইটোৰ পিছত সিটো চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো চামগুৰি আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ দেখিবলৈ পোৱা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।


শেহতীয়াকৈ চামগুৰিৰ বৰালী গাঁৱত পুনৰ এক অনুৰূপ চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। গাঁৱখনৰ নিৱাসী গীতা দাস নামৰ এগৰাকী মহিলাৰ ক্ষুদ্ৰ দোকানখনত নিশা চোৰে চাফাই অভিযান চলায়। চোৰে দোকানখনৰ দৰ্জা ভাঙি ভিতৰত থকা সকলো সামগ্ৰী লুট কৰি লৈ যায়।


এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে উক্ত ক্ষুদ্ৰ দোকানখনৰ উপাৰ্জনেৰেই সমগ্ৰ পৰিয়ালটো পোহপাল দি আছিল। আটাইতকৈ দুখৰ বিষয়টো হৈছে, বিগত মাত্ৰ এটা মাহৰ ভিতৰতে দোকানখনত এইবাৰক লৈ দুবাৰকৈ চুৰিকাণ্ড সংঘটিত হ’ল। বাৰে বাৰে সৰ্বস্ব হেৰুৱাই এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালটো।


এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে চামগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। বৰ্তমান অঞ্চলটোত চোৰৰ এনে সন্ত্ৰাস চলিছে যে স্থানীয় ৰাইজে নিশা হ'লেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া চামগুৰি আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে। 


অঞ্চলটোত শান্তি-শৃংখলা ঘূৰাই আনিবলৈ আৰু চোৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চামগুৰিৰ ৰাইজে আৰক্ষী প্ৰশাসনক সজোৰে আহ্বান জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান