--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰ্তমান অঞ্চলটোত চোৰৰ এনে সন্ত্ৰাস চলিছে যে স্থানীয় ৰাইজে নিশা হ'লেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া চামগুৰি আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে।

ডিজিটেল ডেস্ক: চামগুৰিত এতিয়া চোৰৰ ৰাজত্ব! দিনক-দিনে বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱে এতিয়া স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। বিশেষকৈ নিশা হ'লেই ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লক্ষ্য কৰি লৈছে চোৰৰ দলে।


ইটোৰ পিছত সিটো চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো চামগুৰি আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ দেখিবলৈ পোৱা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।


শেহতীয়াকৈ চামগুৰিৰ বৰালী গাঁৱত পুনৰ এক অনুৰূপ চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। গাঁৱখনৰ নিৱাসী গীতা দাস নামৰ এগৰাকী মহিলাৰ ক্ষুদ্ৰ দোকানখনত নিশা চোৰে চাফাই অভিযান চলায়। চোৰে দোকানখনৰ দৰ্জা ভাঙি ভিতৰত থকা সকলো সামগ্ৰী লুট কৰি লৈ যায়।


এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে উক্ত ক্ষুদ্ৰ দোকানখনৰ উপাৰ্জনেৰেই সমগ্ৰ পৰিয়ালটো পোহপাল দি আছিল। আটাইতকৈ দুখৰ বিষয়টো হৈছে, বিগত মাত্ৰ এটা মাহৰ ভিতৰতে দোকানখনত এইবাৰক লৈ দুবাৰকৈ চুৰিকাণ্ড সংঘটিত হ’ল। বাৰে বাৰে সৰ্বস্ব হেৰুৱাই এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালটো।


এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে চামগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। বৰ্তমান অঞ্চলটোত চোৰৰ এনে সন্ত্ৰাস চলিছে যে স্থানীয় ৰাইজে নিশা হ'লেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। সমগ্ৰ ঘটনাক লৈ এতিয়া চামগুৰি আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাক তীব্ৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে। 


অঞ্চলটোত শান্তি-শৃংখলা ঘূৰাই আনিবলৈ আৰু চোৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চামগুৰিৰ ৰাইজে আৰক্ষী প্ৰশাসনক সজোৰে আহ্বান জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত