--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কিছুদিনৰ পূৰ্বে এটা বিলুপ্ত প্ৰজাতিৰ হলৌ বান্দৰৰ ৰে'লপথত মৃত্যু হোৱাৰে পৰা সংৰক্ষণৰ প্ৰতি চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহেও অধিক গুৰুত্ব দিয়া দেখা গৈছে। গিবন অভয়াৰণ্যৰ মাজেদি বৈদ্যুতিক ব্যৱস্থাৰে ৰে'ল চলাচলত প্রকৃতিপ্রেমী সংস্থাসমূহে গিবনৰ সংৰক্ষণৰ প্ৰতি দৃষ্টি ৰাখি ৰে'ল বিভাগক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই আহিছিল।

ডিজিটেল ডেস্ক : মৰিয়নিৰ হোলোঙাপাৰস্থিত গিবন অভয়াৰণ্যলৈ আহিছে আশাৰ বতৰা। বিলুপ্তপ্রায় হলৌ বান্দৰৰ আহ-যাহৰ ক্ষেত্ৰত অভয়াৰণ্যখনৰ মাজেৰে যোৱা ৰে'লপথে দীর্ঘদিনে প্রতিবন্ধকতাৰ সৃষ্টি কৰি অহাৰ সময়তে হলৌ বান্দৰৰ সংৰক্ষণ তথা ভৌগোলিক বাসভূমিৰ সুৰক্ষাৰ দিশত আশাৰ সঞ্চাৰ হৈছে। কিয়নো ৰাজ্যৰ বন বিভাগে কেবাটাও সংস্থাৰ লগত গৱেষণামূলক দৃষ্টিভংগীৰে গিবন অভয়াৰণ্যখন মাজতে দুভাগ কৰা ৰে'লপথটোৰ দুয়োপাৰে সংযোগ কৰি ওপৰে ওপৰে কেন'পি দলং (ওলমা) নিৰ্মাণ কৰিছিল। 


ৰে'ল বিভাগে ব্যয় কৰা এই দলংখনৰ প্ৰজেক্ট প্রপ'জেল তৈয়াৰ কৰিছিল ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানে। এই ক্ষেত্রত কাৰিকৰী দিশত অসম পৰ্বতাৰোহণ সন্থাকে ধৰি স্থানীয় কেইবাটাও সন্থাই সহযোগিতা আগবঢ়াইছিল। প্রায় এবছৰৰ পূৰ্বে নিৰ্মাণ কৰা অত্যাধুনিক সামগ্ৰীৰে নিৰ্মিত এই ওলমা দলংখনৰ ওপৰেদি প্রাপ্তবয়স্ক এটা হলৌ বান্দৰ ইপাৰ-সিপাৰ হোৱা ভিডিঅ' প্ৰকাশ পোৱাত প্রকৃতিপ্রেমী তথা বন বিভাগৰ মনত আশাৰ ৰেঙনি দেখা গৈছে। কিয়নো দুষ্পাপ্য প্ৰজাতিৰ হলৌ বান্দৰৰ একেলগে বাস কৰা পৰিয়ালৰ মাজত মিলন নহয়। যিহেতুকে ৰে'লপথটো নির্মাণ হোৱাত সচৰাচৰ তললৈ ননমা হলৌ বান্দৰবিলাকৰ অভয়াৰণ্যখনৰ দুটা অংশৰ মাজত সংযোগ নোহোৱা হ'ল। 


অভয়াৰণ্যখনৰ দুয়োটা অংশত থকা হলৌ পৰিয়ালৰ মাজত সংযোগ নোহোৱাত মিলনৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে। ইফালে, গিবন অভয়াৰণ্যখনৰ মাজেৰে বৈদ্যুতিক ৰে'ল চলাচলৰ ব্যৱস্থা কৰাত ৰে'লপথটোৰ দুয়োকাষে গছ-গছনি কাটি পেলোৱাত হলৌ বান্দৰে ওপৰে ওপৰে জঁপিয়াই যাবও নোৱাৰা হ'ল। কিছুদিনৰ পূৰ্বে এটা বিলুপ্ত প্ৰজাতিৰ হলৌ বান্দৰৰ ৰে'লপথত মৃত্যু হোৱাৰে পৰা সংৰক্ষণৰ প্ৰতি চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহেও অধিক গুৰুত্ব দিয়া দেখা গৈছে। গিবন অভয়াৰণ্যৰ মাজেদি বৈদ্যুতিক ব্যৱস্থাৰে ৰে'ল চলাচলত প্রকৃতিপ্রেমী সংস্থাসমূহে গিবনৰ সংৰক্ষণৰ প্ৰতি দৃষ্টি ৰাখি ৰে'ল বিভাগক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই আহিছিল। কিয়নো ৰে'ল বিভাগৰে বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হৈছিল হলৌ বান্দৰ। কিন্তু এতিয়া হলৌ বান্দৰটোৱে কেন'পি দলঙেদি অহাৰ ভিডিঅ' প্রকাশ পোৱাত অভয়াৰণ্যখনত থকা গিবনৰ ইটো পাৰৰ পৰিয়ালৰ লগত সিটো পাৰৰ পৰিয়ালৰ সংযোগ ঘটিব বুলি আশা কৰা হৈছে। লক্ষণীয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই হলৌ বান্দৰে কেন'পি দলঙেৰে পাৰ হোৱা দৃশ্য সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰে। 


মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰে যে আমাৰ অসমৰ বন্য সম্পদ হলৌ বান্দৰৰ বিপদৰহিত সুচল যাতায়াতৰ বাবে এবছৰৰ পূৰ্বে ৰে'ল লাইনৰ ওপৰেৰে এখন ওলমা সেতু নিৰ্মাণ কৰি দিয়া হৈছিল। দেখি ভাল লাগিছে যে হলৌ বান্দৰে সেই সেতু ব্যৱহাৰ কৰি বিচৰণ কৰিছে। বিজ্ঞানভিত্তিক পদক্ষেপে সংৰক্ষণৰ ক্ষেত্ৰত কিদৰে বাস্তৱিক পৰিৱৰ্তন আনিব পাৰে, এয়া তাৰেই এক সৰু অথচ অত্যন্ত তাৎপৰ্যপূৰ্ণ উদাহৰণ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে হলৌ বান্দৰৰ ক্ষেত্ৰত পৃথিৱী বিখ্যাত গিবন অভয়াৰণ্যত প্ৰতিবছৰে বৃদ্ধি পাইছে দেশী-বিদেশী পৰ্যটকৰ।

উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement