--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটকাধীন দিল্লীৰ যুৱক কেইগৰাকী হ’ল মেট্ৰ’ বিহাৰৰ ১৮ বছৰীয়া ৰমেন কুমাৰ , ১৯ বছৰীয়া ৰোহিত চন্দ আৰু দিল্লী মজনু কা টিলাৰ ১৮ বছৰীয়া ৰোশন কুমাৰ৷

ডিজিটেল ডেস্ক: ডিফুৰ দুগৰাকীকৈ ছাত্ৰীক দিল্লীৰ তিনি যুৱকে কামৰ প্ৰলোভন দি ফুচুলাই লৈ গৈছিল দিল্লীলৈ। সৌভাগ্যক্ৰমে ডিফু আৰক্ষীৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক ৰে’লৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে৷ লগতে আটক কৰে দিল্লীৰ তিনি যুৱকক৷


যোৱা নিশা উদ্ধাৰ কৰা ছাত্ৰী দুগৰাকীসহ আটকাধীন দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱৰ পৰা লৈ অহা হয় ডিফু আৰক্ষী থানালৈ৷ আটকাধীন দিল্লীৰ যুৱক কেইগৰাকী হ’ল মেট্ৰ’ বিহাৰৰ ১৮ বছৰীয়া ৰমেন কুমাৰ , ১৯ বছৰীয়া ৰোহিত চন্দ আৰু দিল্লী মজনু কা টিলাৰ ১৮ বছৰীয়া ৰোশন কুমাৰ৷


ডিফু চৰকাৰী বালক বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দুগৰাকীক দুদিন পূৰ্বে যুৱক কেইজনে দিল্লীত কাম দিয়াৰ প্ৰলোভনেৰে ফুচুলাই লৈ গৈছিল৷


দিল্লীৰ পৰা আহি ফেচবুকৰ জড়িয়তে চিনাকী হোৱা এগৰাকী যুৱকৰ ঘৰত আছিলহি তিনি যুৱক৷ কিশোৰী দুগৰাকীৰ লগতো ফেচবুক বন্ধু আছিল দিল্লীৰ যুৱক কেইগৰাকীৰ৷


উক্ত দিনা ছাত্ৰী দুগৰাকী বিদ্যালয়লৈ আহি ঘৰলৈ ঘূৰি নোযোৱাত অভিভাৱকে ডিফু থানাত দাখিল কৰিছিল এখন এজাহাৰ৷ তাৰ পাছতেই ডিফু আৰক্ষীৰ তৎপৰতাত বঙাইগাঁও আৰক্ষীয়ে ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰে৷


লগতে ছাত্ৰী দুগৰাকীক দিল্লীলৈ লৈ যোৱা যুৱক তিনিগৰাকীকো আটক কৰে বঙাইগাঁও আৰক্ষীয়ে৷


অৱশ্যে আটকাধীন তিনি যুৱক নাৰী সৰবৰাহকাৰী চক্ৰৰে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত