--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটকাধীন দিল্লীৰ যুৱক কেইগৰাকী হ’ল মেট্ৰ’ বিহাৰৰ ১৮ বছৰীয়া ৰমেন কুমাৰ , ১৯ বছৰীয়া ৰোহিত চন্দ আৰু দিল্লী মজনু কা টিলাৰ ১৮ বছৰীয়া ৰোশন কুমাৰ৷

ডিজিটেল ডেস্ক: ডিফুৰ দুগৰাকীকৈ ছাত্ৰীক দিল্লীৰ তিনি যুৱকে কামৰ প্ৰলোভন দি ফুচুলাই লৈ গৈছিল দিল্লীলৈ। সৌভাগ্যক্ৰমে ডিফু আৰক্ষীৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক ৰে’লৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে৷ লগতে আটক কৰে দিল্লীৰ তিনি যুৱকক৷


যোৱা নিশা উদ্ধাৰ কৰা ছাত্ৰী দুগৰাকীসহ আটকাধীন দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱৰ পৰা লৈ অহা হয় ডিফু আৰক্ষী থানালৈ৷ আটকাধীন দিল্লীৰ যুৱক কেইগৰাকী হ’ল মেট্ৰ’ বিহাৰৰ ১৮ বছৰীয়া ৰমেন কুমাৰ , ১৯ বছৰীয়া ৰোহিত চন্দ আৰু দিল্লী মজনু কা টিলাৰ ১৮ বছৰীয়া ৰোশন কুমাৰ৷


ডিফু চৰকাৰী বালক বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দুগৰাকীক দুদিন পূৰ্বে যুৱক কেইজনে দিল্লীত কাম দিয়াৰ প্ৰলোভনেৰে ফুচুলাই লৈ গৈছিল৷


দিল্লীৰ পৰা আহি ফেচবুকৰ জড়িয়তে চিনাকী হোৱা এগৰাকী যুৱকৰ ঘৰত আছিলহি তিনি যুৱক৷ কিশোৰী দুগৰাকীৰ লগতো ফেচবুক বন্ধু আছিল দিল্লীৰ যুৱক কেইগৰাকীৰ৷


উক্ত দিনা ছাত্ৰী দুগৰাকী বিদ্যালয়লৈ আহি ঘৰলৈ ঘূৰি নোযোৱাত অভিভাৱকে ডিফু থানাত দাখিল কৰিছিল এখন এজাহাৰ৷ তাৰ পাছতেই ডিফু আৰক্ষীৰ তৎপৰতাত বঙাইগাঁও আৰক্ষীয়ে ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰে৷


লগতে ছাত্ৰী দুগৰাকীক দিল্লীলৈ লৈ যোৱা যুৱক তিনিগৰাকীকো আটক কৰে বঙাইগাঁও আৰক্ষীয়ে৷


অৱশ্যে আটকাধীন তিনি যুৱক নাৰী সৰবৰাহকাৰী চক্ৰৰে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান